১০ দিনলৈ গাঁৱৰ পৰা নোলায় কৃষক, যোগান নধৰে পাচলি-গাখীৰ, ১০ জুনত ভাৰত বন্ধ

anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ কৃষক পুনৰ জাগিছে৷ স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা, উৎপাদন বৃদ্ধি কৰা, সামগ্ৰীৰ উচিত দাম আদিৰ দাবীত শুকুৰবাৰৰ পুৱাৰে পৰা ১০ জুনলৈ চলিব এই আন্দোলন৷ পঞ্জাৱৰ মোগা আৰু ফৰিদকোটত ফল আৰু গাখীৰৰ যোগান বন্ধ কৰি এই আন্দোলন আৰম্ভ কৰিছে কৃষকে৷ পঞ্জাৱৰ কৃষকে উৎপাদিত সামগ্ৰীৰ যোগান বন্ধ কৰাৰ লগতে দেশৰ বহু ৰাজ্যত উৎপাদিত সামগ্ৰীৰ যোগান ১০ দিনলৈ বন্ধ ৰাখিব কৃষকে৷

কেৱল ইমানে নহয় ১০ দিনৰ বাবে কৃষক অধ্যুষিত গাঁও বন্ধ থাকিব৷ গাঁও বন্ধ কৰি কোনো লোক গাঁৱৰ পৰা বাহিৰলৈ ওলাই নহাৰ লগতে চহৰলৈ নায়ায় কৰিব এই প্ৰতিবাদ৷ কৃষকে ১ জুনৰ পৰা ১০ জুনলৈ গাঁও বন্ধ, ৫ জুনত ধিক্কাৰ দিৱস, ৬ জুনত শ্বহীদ স্মৰণ, ৮ জুনত অসহযোগ দিৱস, ১০ জনুত ভাৰত বন্ধ ৰাখিব৷

এই প্ৰতিবাদ সৰ্বভাৰতীয় কৃষক সংগঠন কৃষক মহাসংঘৰ লগতে ১৭০টা কৃষক সংগঠনে নেতৃত্ব লেছে৷ ধৰ্মঘটৰ প্ৰথম দিনটোত পঞ্জাৱৰ পৰা পাচলি যোগান বন্ধ কৰাৰ লগতে কৃষক সংগঠনে বজাৰত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি পাচলি কঢ়িয়াই অনা গাড়ী উভতাই পঠায়৷

জানিব পৰা মতে, পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ কৃষক একত্ৰিত হৈ এই আন্দোলনৰ কথা চিন্তা কৰছিল৷ কৃষকসকলে এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰিছিল যে ১ জুনৰ পৰা ১০ জুনলৈ ফল, গাখীৰ, পাচলি আদিৰ যোগান বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷ কৃষকৰ পৰিয়াল সমূহে গাঁৱৰ পৰা বাহিৰলৈ ওলাই নহাৰ লগতে কোনো লোক চহৰলৈ নাহে৷

স্বামীনাথন আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী নকৰাৰ লগতে কৃষকৰ উৎপাদন বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ উচিত দাম, ঋণ মাফ আদি বিষয় উত্থাপন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ দীৰ্ঘদিন ধৰি দেশৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ লগতে ৰাজপথত আৰক্ষীৰ হতুৱাই কৃষকক গুলীয়াই হত্যা কৰাৰহে অভিযোগ উত্থাপন হৈ আহিছে৷