
ওদালগুৰিঃ বিটিএডিৰ চাৰি খন জিলাত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ কইবাগৰাকী এনডিএফবিৰ কেডাৰত জালত পেলোৱাৰ সময়তে ওদালগুৰি জিলাৰ হৰিশিঙাত অস্ত্ৰ সৈতে এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷
ওদালগুৰি-হৰিশিঙা আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত ৬ জাই সজীৱ গুলীসহ আৰক্ষীৰ জালত পৰে প্ৰাণেশ্বৰ ৰাভা নামৰ লোকজন।
জানিব পৰা মতে, বেংক ডকাইটি তথা গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হোৱা লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নিজ গৃহৰ পৰা ৫ টা একে ছিৰিজৰ পিষ্টলৰ সজীৱ গুলীৰ লগতে এটা নাইন এম এম পিষ্টলৰ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে।
লোকজন বেংক ডকাইটি তথা গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত আটকাধীন লোকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বাহনৰ নম্বৰপ্লেট। লোকজনে কিছুদিন পূৰ্ৱে জেলৰ পৰা ওলোৱা বুলিও জানিব পৰা গৈছে।