আমচাংৰ উচ্ছেদিত লোকক তিনিচুকীয়াৰ উদয়ে দিব দহ বিঘা মাটি

তিনিচুকীয়াঃ ৰাজ্য চৰকাৰে অমানবীয় ভাবে উচ্চতম ন্যায়ালয়ৰ দোহাই দি আমচাং অভয়াৰণ্যৰ ভিতৰৰ লোকক উচ্ছেদ কৰাৰ পিছৰে পৰা ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুধবাৰে আমচাংৰ ৭০০ গৰাকী উচ্ছেদিত পৰিয়ালক বিটিএডিত সংস্থাপন কৰাৰ কথা ঘোষণা কৰে৷

উচ্ছেদিত লোকসকলৰ মৰ্মবেদনা প্ৰত্যক্ষ কৰি বিবিন্ন জনে সহায় সহযোগ কৰিবলৈ আগুৱাই অহা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে উজনিৰ অসমৰ এগৰাকী ব্যৱসায়ীয়ে টিভিত উচ্ছেদৰ দৃশ্যবোৰ প্ৰত্যক্ষ কৰি আবেগিক হৈ পৰে৷ তিনিচুকীয়াৰ জিলাৰ ব্যৱসায়ী তথা জনপ্ৰিয়  B-52 হোটেলৰ গৰাকী উদয় শইকীয়াই উচ্ছেদিত পৰিয়ালক সংস্থাপিত কৰাৰ বাবে ১০ বিঘা ব্যক্তিগত ভূমি দান কৰাৰ কথা ঘোষণা কৰে৷ তিনিচুকীয়াৰ ব্যৱসায়ীগৰাকীয়ে তেওৰ নিজৰ ফেচবুক টাইমলাইনত এই কথা এটি পোষ্ট দি ঘোষণা কৰে৷

তেওঁ প্ৰয়োজনত আমচাঙৰ উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে পৰিয়ালৰ ১০ বিঘা মাটি দান হিচাপে দিবলৈ সাজু বুলি কয়। কোনো স্বেচ্ছাসেৱী অনুষ্ঠানক ব্যৱসায়ীগৰাকীয়ে যোগাযোগ কৰাৰ বাবেও আহ্বান জনায়৷ চৰকাৰৰ এই অমানবীয় আচৰণৰে আবেগ বিহ্বল কৰি তোলা বুলি কৈ মানবীয় দৃষ্টিকোণেৰে এই সিদ্ধান্ত লোৱা বুলি কয়৷ ৰাজনৈতিক ভাবে উদ্দেশ্য কোনো স্বাৰ্থত কৰা নাই বুলি কোৱাৰ লগতে তেওঁ কোনো দলৰ সৈতে নহয় বুলি জানিব পৰা গৈছে। আমচাংৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ আৰ্তনাদে তথা চকুলো টুকি থকা দৃশ্য প্ৰত্যক্ষ কৰি এই সিন্ধান্ত লোৱা বুলি কয় ব্যৱসায়ীগৰাকীয়ে৷