
দেৰগাঁওঃ অগণন গুণমুগ্ধক কন্দুৱাই বিশিষ্ট মুক্তিযোদ্ধা আহতগুৰি সত্রৰ সত্ৰাধিকাৰ বিপিন চন্দ্ৰ গোস্বামীৰ ১০১ বছৰত বৃস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আহতগুৰি সত্রৰ সত্ৰাধিকাৰ, ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰপ্ৰাপ্ত বৰেণ্য ব্যক্তি তথা বৃহত্তৰ অঞ্চলটোৰ অভিভাৱক স্বৰূপ গোস্বামীৰ মৃত্যুত শোকৰ ছাঁ পৰে।
স্বৰ্গীয় শোভন চন্দ্ৰ গোস্বামী আৰু লক্ষ্মীপ্ৰিয়া গোস্বামীৰ জ্যেষ্ঠ পুত্ৰ গোস্বামীয়ে যোৰহাট কাকজান হাইস্কুলত দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। পৰিনতিত আন্দোলনকাৰী হিচাপে বহুদিন কাৰাবাস খাটিব লগা হৈছিল।
পাছলৈ গোলাঘাট জিলা মুক্তিযোদ্ধা সমিতিক প্ৰতিনিধিত্ব কৰা গোস্বামীয়ে ১৯৬২ চনত তিনি তৰপীয়া পঞ্চায়তৰ সভাপতি, পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে কৰ্মজীৱন আৰম্ভ কৰি দেৰগাঁৱৰ ডিকেডি কলেজ, ন-ভঙ্গা হাইস্কুল, পুৰণিমাটি প্ৰাথমিক-মধ্য ইংৰাজী বিদ্যালয়, মামৰণি হাইস্কুলকে আদি অঞ্চলটোৰ বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্রত বিশেষ ভূমিকা লৈছিল লৈ পৰিচালনা সমিতিত সভাপতি, সদস্যৰ দায়িত্ব বহন কৰিছিল।
দেৰগাওঁ থানা সমিতিৰ সদস্য, ব্লক ভিজিলেঞ্চ সমিতি, ৰোড সমিতি আদিৰ সদস্যকে ধৰি ১৯৯৩ চনৰ পৰা গোলাঘাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ পদেন সদস্যকে ধৰি বিভিন্ন অনুষ্ঠানৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি সামাজিক কামত জড়িত হৈ আছিল।
১৯৮৩ চনৰ পৰা চৰকাৰৰ মুক্তি যুজাঁৰু পেঞ্চন পোৱাৰ পিছত ক্ৰমে ১৯৯৩ চনৰ ৯ আগষ্টত দেৰগাওঁ নৰেন শৰ্মা স্মৃতি পথাৰত ৰাজহুৱা সম্বৰ্ধনা আৰু ২০১৫ চনৰ ৯ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বিশেষভাবে সম্বৰ্ধনা গ্ৰহণ কৰি অঞ্চলটোৰ গৌৰৱ বৃদ্ধি কৰিছিল।
১৯১৬ চনত জন্মগ্ৰহণ কৰা শতবৰ্ষ গৰকা সমাজ প্ৰতিষ্ঠাপকগৰাকীৰ মৃত্যুত অঞ্চলটোৰ দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাই শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। বিশেষকৈ ন-ভঙ্গা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়, ব্ৰহ্মপুত্ৰ শংকৰদেৱ শিশু নিকেতন আৰু পুৰণিমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমদল কৰি প্ৰাৰ্থনাৰে তেওৰ আত্মাৰ সদগতিৰ কামনা কৰে।
উল্লেখ্য যে, বিগত বৰ্ষত অঞ্চলবাসীৰ সহযোগত তেওৰ শতবৰ্ষ জন্মদিন পালন কৰা হৈছিল। তেওৰ আত্মাৰ সদগতিৰ বাবে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে অঞ্চলটোৰ বিদ্যালয়সমূহে শোকসভা অনুষ্ঠিত কৰি শোকদিৱস পালন কৰে। অঞ্চলটোৰ একমাত্ৰ মুক্তিযুদ্ধা তথা শতবৰ্ষগৰকা মহান ব্যক্তিজনৰ মৃত্যু অঞ্চলটোত তথা সমগ্ৰ গোলাঘাট জিলাৰ বাবেই অপুৰণীয় ক্ষতি বুলি কয় একাংশ লোকে। মৃত্যুৰ সময়ত তেও দুজন পুত্র, চাৰিগৰাকী কন্যাসহ বহু আত্মীয়ক ইহসংসাৰত এৰি যায়।