
newsnextone.com | ডিজিটেল ডেস্কঃ আদালত চৌহদত অধিবক্তাই প্ৰহাৰ কৰিলে কিশোৰী ধৰ্ষণ কাণ্ডৰ ১৮ অভিযুক্তক৷ এই ঘটনা সংঘটিত হৈছে চেন্নাইত৷ জানিব পৰা মতে, মঙলবাৰে ১১ বছৰীয়া কিশোৰীক যোৱা ৭ মাহ ধৰি ১৮ গৰাকী লোকে ধৰ্ষণ কৰি অহাৰ ঘটনা পোহৰলৈ আহে৷ ঘটনাৰ ১৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ তাৰ পিছতে চেন্নাইৰ আদালতত হাজিৰ কৰিব অনাৰ সময়তে আৰক্ষীৰ সন্মুখতে আদালত চৌহদত অধিবক্তাই বগৰাই বগৰাই প্ৰহাৰ কৰে অভিযুক্তক৷
18 men held for allegedly sexually harassing an 11-year-old girl for over a period of 7 months in Chennai. The accused involve security men, lift operator & water suppliers in the apartment where the minor girl stays. Police investigation underway pic.twitter.com/DcJIUhwDCG
— ANI (@ANI) July 17, 2018
জানিব পৰা মতে, চেন্নাইৰ এটা এপাৰ্টমেণ্টত ১৮ গৰাকী লোকে যোৱা ৭ মাহ ধৰি ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি আহিছিল৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে প্ৰথমে এগৰাকী ৬৬ বছৰীয়া লোকক আটক কৰে৷ তাৰ পিছতে সকলো তথ্য পোহৰলৈ আহে৷ কিশোৰীগৰাকীয়ে এপাৰ্টমেণ্টত চাইকেল চলাবলৈ আৰু স্কুলৰ পৰা উভতি অহাৰ সময়ত প্ৰথমে কিশোৰীক আবদ্ধ কৰা হয় আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি অচেতন কৰি ধৰ্ষণ কৰা হয়৷
#WATCH: Dramatic visuals from Mahila Court in Chennai where lawyers thrash the 18 accused, who sexually harassed an 11-year-old girl for over a period of 7 months. #TamilNadu pic.twitter.com/8ASDOlm7gW
— ANI (@ANI) July 17, 2018
প্ৰথমে আক্ৰমণ কৰা হয় তাৰ পিছতে আবদ্ধ কৰি কিশোৰীক বিশেষ দৰৱ দি অচেতন কৰি পেলোৱা হয়৷ আন আন লোকক মাতি কামনা পূৰণ কৰে লোক কেইজনে৷ সকলো দৃশ্য মেবাইলত ৰেকৰ্ডিং কৰিও ৰাখে৷ যোৱা প্ৰায় ৭ মাহ ধৰি এই কাণ্ড সংঘটিত হৈ আহিছিল৷ কেতিয়াবা বাথৰুমত, কেতিয়াবা ছাদত, জিমত এই কাণ্ড সংঘটিত কৰিছিল৷ বহু পলমকৈ এই ঘটনাৰ কথা পিতৃ-মাতৃক কবলৈ সক্ষম হয় কিশোৰীয়ে৷ শেহতীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতহে আৰক্ষীয়ে অধিক তথ্য পোহৰলৈ আহিব বুলি আশংকা কৰিছে আৰক্ষীয়ে৷আটাইকেইজন এপাৰ্টমেণ্টত কাম কৰা লোক আছিল। ইতিমধ্যে আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে আটক কৰে৷ মঙলবাৰে আটাইকেইজনক আদালতত চৌহদত অধিবক্তাই আক্ৰমণ কৰে৷