লজ্জানত হ’ল সভ্য সমাজ, নামতিত মাতৃহীন ১৩ বছৰীয়া কিশোৰীক হাত-ভৰি বান্ধি ধৰ্ষণ

নামতিঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ সভ্যতাৰ সকলো সীমা অতিক্ৰম কৰিলে সভ্য সমাজৰ একাংশ লোকে৷ এগৰাকী মাতৃহীন কিশোৰাক হাত-ভৰি বান্ধি ধৰ্ষণ কৰি পুনৰাই সভ্য সমাজক কলংকিত কৰাৰ দৰে ঘটনা সংঘটিত হৈছে উজনিৰ শিৱসাগৰ জিলাৰ নামতিত৷ এই জঘন্য ঘটনাই জোকাৰি গৈছে জিলা খন৷ নামতিৰ বৰছিলা চাহ বাগিচাৰ মাতৃহীনা এগৰাকী কিশোৰীয়ে ঘৰত অকলে আছিল৷

তেনে সময়তে সমীপৰ মাৰো তাঁতীৰ পুত্ৰ সঞ্জু তাঁতীয়ে ঘৰ খনলৈ আহে৷ যুৱকজনে ঘৰৰ ভিতৰলৈ সোমাই গৈ কিশোৰীগৰাকীক দেহত হাত দিয়ে৷ কিশোৰীগৰাকীয়ে আপত্তি কৰাত তথা চিঞৰ-বাখৰ কৰাত হাতত লৈ থকা চোকা অস্ত্ৰ দেখুৱাই৷ ইমানে নহয় কিশোৰীগৰাকীয়ে যুৱক জনৰ পৰা হাত সাৰিবলৈ ঘৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে যদিও কিশোৰীগৰাকীৰ হাত-ভৰি বান্ধি অসৎ চৰিতাৰ্থ পূৰণ কৰে।

মাতৃহীনা কিশোৰীগৰাকীৰ পিতৃ নিশা ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পটটোৱে কিশোৰীজনীক ধৰ্ষণ কৰে৷ কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি লম্পট সঞ্জুৱে হাতত চোকা অস্ত্ৰ লৈ হাত ভৰি বান্ধি অনৈতিক কাৰ্যত লিপ্ত হয়। পিছত স্থানীয় ৰাইজে কিশোৰীজনীৰ গৃহত উপস্থিত হৈ উদ্ধাৰ কৰা৷ এই ঘটনা সোমবাৰে সংঘটিত হয় যদিও বুধবাৰেহে পৰিয়ালে হালোৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত হালোৱাটিং আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৫০৬ ধাৰাত ৫১/১৭ নম্বৰত গোচৰ ৰুজু কৰি অভিযান চলাই যদিও অভিযুক্ত সঞ্জুক আটক কৰিবলৈ সক্ষম হোৱা নাই।