মুখ্যমন্ত্ৰীৰ জন্মস্থানত একত্ৰিত হ’ল ৫৮টা জাতীয় সংগঠন, ১৫ জুনত সমাবেশ, লজ্জিত চাবুৱাৰ যুৱ প্ৰজন্ম

newsnextone.com | চাবুৱাঃ উজনিৰ ডিব্ৰুগড় জিলাত একত্ৰিত হ’ল ৫৮টা জাতীয়-জনগোষ্ঠীয় সংগঠন৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজ জাগিছে৷ অসমীয়া বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ব্যাপক পতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ৫৮টা দল-সংগঠন একত্ৰিত হৈ এক ইতিহাস ৰচনা কৰে৷

অসমৰ দীৰ্ঘ আন্দোলনৰ ইতিহাসত আজিলৈ মন্দিৰ সমিতিৰ পৰা আৰম্ভ কৰি মছজিদ সমিতলৈ একত্ৰিত হোৱাৰ নজিৰ নাই৷ কিন্তু এইবাৰ নজিৰ সৃষ্টি কৰিলে মুখ্যমন্ত্ৰীৰ নিজ সমষ্টি চাবুৱাৰ ৰাইজে৷ চাবুৱাৰ ৰাইজে এফালে গৌৰৱ কৰিছে আনফালে তেওলোকৰ জন্মস্থানৰ এগৰাকী লোকে মুখ্যমন্ত্ৰীৰ পদত থকাৰ সময়তে অসমৰ ৰাইজ আজি ৰাজপথত ওলাই আহিব লগা হোৱাৰ বাবে লজ্জিত হৈছে৷ 

অসমৰ অসমীয়া এতিয়া খেতি পথাৰত ব্যস্ত থাকিব লাগিছিল যদিও প্ৰখৰ ৰদত পিঠি পুৰি প্ৰতিবাদ কৰিবলগীয়া হোৱা বিষয়টোৱে চাবুৱাৰ ৰাইজক চিন্তিত কৰা বুলি কয় কেইবাগৰাকী যুৱকে৷ কেইবাগৰাকী যুৱ ছাত্ৰ নেতাই চাবুৱাৰ সন্তান অসমৰ মুখ্যমন্ত্ৰীৰ দৰে পদবীত থকাৰ পিছতো প্ৰতিবাদ কৰিব লগা হোৱাৰ বাবে অসমীয়াৰ ওচৰত তেওঁলোকে লজ্জিত বুলি কয়৷ যোৱা দেওবাৰে চাবুৱাৰ সচেতন নাগৰিক আৰু ৫৮টা জাতীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হয় এখন নাগৰিক সভা৷ মনোৰঞ্জন বৰুৱা নাট্যমন্দিৰত অনুষ্ঠিত সভাত দিপনজ্যোতি ফুকনক সভাপতি, ধ্ৰুৱ গোঁহাই আৰু ৰিন্তুু গগৈত যুটীয়া সম্পাদক আৰু যুগল বৰুৱা, দেৱঋষি চেতিয়া, মনোজ দুৱৰাক কাৰ্যকৰী সভাপতি হিচাপে লৈ ৬১ জনীয়া নাগৰিকত্ব সংশোধনী বিৰোধী মঞ্চ গঠন হয়। 

সভাখনত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ-পৰিষদ অসম, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ টাই আহোম ছাত্ৰ সন্থা, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, জ্যেষ্ঠ নাগৰিক সন্থা, চাবুৱা শাখা সাহিত্য সভা, অসম লেখিকা সমাৰোহ সমিতি, সদৌ অসম মটক সন্মিলন, বীৰ লাচিত সেনা অসম, চাবুৱা মহিলা উন্নয়ণ মঞ্চ, জাতীয়তাবাদী মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ ফেডাৰেচন, সদৌ অসম চুটীয়া ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম মুণ্ডা মহাসভা উপস্থিত থাকে৷

সভাত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, সদৌ অসম মটক মহিলা পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম মটক ছাত্ৰ সন্থা, ভাৰতৰ ছাত্ৰ ফেডাৰেছন, সদৌ অসম ক্ষুদ্ৰ চাহ ক্ষেতিয়ক সন্থা, নাৰী মুক্তি সংগ্ৰাম সমিতি, চাবুৱা প্ৰেছ গ্ৰীল্ড, চাবুৱা প্ৰেছ ক্লাৱ, চাবুৱা মিডিয়া ফৰাম, অসম চাহ শ্ৰমিক ইউনিয়ন, চাবুৱা আঞ্চলিক টাই আহোম সাস্কৃতিক কেন্দ্ৰ, জাতীয় সত্বা ঐক্য মঞ্চ, সদৌ অসম কবি সন্মিলন, সদৌ অসম নিবনুৱা পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, টাই আহোম মহিলা পৰিষদ, অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থা, সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেছন উপস্থিত থাকে৷

চাবুৱা শাখা সাহিত্য সভা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টাকাম মিছিংপৰিং কেবাং, চাবুৱা শ্বহীদ বজাৰ ব্যৱসায়ী সন্থা, চাবুৱা শাক পাচলি সন্থা, চাবুৱা ব্ৰইলাৰ ব্যৱসায়ী সন্থা-চাবুৱা চাৰিআলি, চাবুৱা-পানীতোলা, এমই অট’চালক সন্থা, চাবুৱা পুৰণা মছজিদ সমিতি, নতুন মছজিদ সমিতি, চাবুৱা বজাৰ সমিতি, খ্ৰীষ্টীয় ঐক্য মঞ্চ চাবুৱা, ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ, অসম চাহ জনগোষ্টীয় জাতীয় মহাসভা, প্ৰস্তুতি, চাবুৱা ট্ৰাক সন্থা, ভাৰতীয় গণনাট্য সংঘ, চাবুৱা সমবায় সমিতি, নানা প্ৰান্তৰ যুৱ সংঘ, মহিলা সমিতি আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান উপস্থিত থাকে। 

সকলো সংগঠনে একেমুখে নাগৰিকত্ব সংশোধনী বিধেয়কক অস্বীকাৰ কৰে৷ শীঘ্ৰে মুখ্যমন্ত্ৰীক মৌনব্ৰত ভংগ কৰি বিধেয়কৰ বিৰুদ্ধে মত স্পষ্ট কৰি মুখ্যমন্ত্ৰী সোণোৱালক বিধেয়কৰ বিৰোধিতা কৰিবলৈ দাবী জনায়৷ গঠনকেইটাই অহা ১৫ জুনত চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ সমীপৰ ইয়ং ব্লু ক্লাৱ খেলপথাৰত কেইবা হাজাৰ লোকৰ উপস্থিতিত এখন বিশাল গণ সমাবেশ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ গৃহ ভূমিতেই বিজেপি তথা আৰ এছ এছৰ বিৰুদ্ধে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত কৰা বিশাল সমাবেশত অঞ্চলটোত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ বিশাল সমাবেশত অতিথি হিচাপে কৃষক নেতা অখিল গগৈ, ড০ অপূৰ্ব বেজবৰুৱাকে ধৰি আৰু ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।