
তুলসীবাৰীঃ ৰাজ্যৰ অন্যতম ৰঙিয়াৰ তৰণীত ৯ দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা শুভাৰম্ভ হয় বাৰোৱাৰী ৰাস মহোৎসৱৰ৷ ৰাস মহেৎসৱে এইবাৰ ৮৩ বছৰ সংখ্যাত ভৰি দিলে৷ শুকুৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি শুক্লেশ্বৰ কলিতাই৷
আনহাতে সন্ধিয়া ৰাধা কৃষ্ণৰ যুগল মূৰ্তি স্থাপন কৰিব ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ মন্দিৰৰ দ্বাৰ আৰু বন্তি প্ৰজ্বলন কৰিব স্থানীয় বিধায়ক ভবেশ কলিতা, সাংসদ বিশ্বজিত দৈমাৰী আৰু বিটিএডিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে৷ প্ৰদৰ্শনীৰ দ্বাৰ তথা টোপধ্বণী প্ৰদৰ্শন অনুষ্ঠান মুকলি কৰিব ৰাজ্যসভাৰ সাংসদ ভূবনেশ্বৰ কলিতা আৰু প্ৰাক্তন বিধায়ক অনন্ত ডেকাই৷
ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হ’ব লগীয়া লক্ষাধিক ভক্তৰ মনোৰঞ্জনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে৷ এইবেলিৰ অন্যতম আকৰ্ষণীয় ৰূপত ১৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্ত্তিৰ লগতে কাৰিকৰী কৌশল সমৃদ্ধ আন কেবাটাও মূৰ্তি তথা বৈদ্যুতিক আলোকসজ্জাৰে সুসজ্জিত তোৰণে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে৷