
গোৰেশ্বৰঃ ম্যানমাৰৰ পৰা অসমত প্ৰবেশ কৰিছে ১৬ সন্ত্ৰাসবাদী৷ কুটাঘাটৰ বাবে প্ৰবেশ কৰিছে NDFB(S)ৰ ১৬ সদস্য প্ৰবেশ কৰিছে উদ্দেশ্যে হৈছে কূটাঘাত সংঘটিত কৰা৷ অসম আৰক্ষীয়ে বিটিএডিৰ গোৰেশ্বৰত আটক কৰা এজন NDFB(S)ৰ এগৰাকী সদস্যই এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ গোৰেশ্বৰৰ পৰা বঙালীপাৰা অভিমুখে গৈ থকা যাত্ৰীবাহী বাছত তালচী চলাই আটক কৰা সদস্যজন ৰতন নাৰ্জাৰী(২৯)৷ বিদেশৰ মাটিত অত্যাধুনিক মাৰণাস্ত্ৰৰে প্ৰশিক্ষণ লৈ নতুনকৈ সদস্যভুক্ত কেডাৰে অসমৰ প্ৰবেশ কৰাৰ কথা প্ৰকাশ কৰে ৰতনে।

১৬ জনীয়া প্ৰশিক্ষণপ্ৰাপ্ত এনডিএফবি কেডাৰে ম্যানমাৰৰ পৰা আহি এতিয়া আশ্ৰয় লৈছে অসমত। এই চাঞ্চল্যকৰ স্বীকাৰোক্তি বাক্সা জিলাৰ গোৰেশ্বৰত আটকাধীন যুৱক ৰতন নাৰ্জাৰীৰ। গোৰেশ্বৰ থানাৰ অন্তৰ্গত সৰুফুলচ'কী গাঁৱত সেনা-আৰক্ষীয়ে অভিযান চলাই ৰতনক অস্ত্ৰসহ যাত্ৰীবাহী বাছৰ পৰা আটক কৰিছিল। গোৰেশ্বৰস্থিত ২১ মাহাৰ ৰেজিমেন্ট আৰু গোৰেশ্বৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গোৰেশ্বৰৰ পৰা নাওকাটা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছত তালাচী চলাই যুবকজনক আটক কৰিবলৈ সক্ষম হৈছিল।
চিৰাং জিলাৰ আমগুৰি থানা অন্তৰ্গত হাতীমাৰা গাঁৰ এলেন নাৰ্জাৰীৰ পুত্ৰ ৰতন নাৰ্জাৰী( ২৯) ৰ পৰা এটা পিষ্টল আৰু ৬ জাঁই সজীৱ গুলী উদ্ধাৰ কৰা হৈছিল। ধৃত ৰতনে সেনা-আৰক্ষীক দিয়া বিস্ফোৰক স্বীকাৰোক্তি মতে ম্যানমাৰৰ টাকাত একেলগে ৬৭ কেডাৰৰ অত্যাধুনিক অস্ত্ৰৰে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁলোকে। ৪০নং বেটছৰ প্ৰশিক্ষাৰ্থী আছিল ধৃত ৰতন।
এইচ কে-১৬, এইচ কে -২২, এ কে- ৪৭, এ কে- ৫৬, এ কে- ৮১, আৰ পি জি, এম-১৬ আদি অত্যাধুনিক অস্ত্ৰৰে এন ডি এফ বি এ আজিকালি দিয়ে প্ৰশিক্ষণ। শতাধিক কেডাৰে এতিয়াও আশ্ৰয় লৈ আছে ম্যানমাৰৰ টাকাত। উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ উগ্ৰপন্থী সংগঠনৰ নিৰাপদ আশ্ৰয়স্থল হিচাপে বিবেচিত টাকা। সংগঠনৰ ১৬ জন কেডাৰে অস্ত্ৰসহ অসমত প্ৰবেশ কৰাৰ স্বীকাৰোক্তি ধৃত ৰতনৰ। এই স্বীকাৰোক্তিয়ে এতিয়া অসম আৰক্ষীত বিশেষ চৰ্চা লাভ কৰিছে। কালি ধৃত সদস্যজনে বঙাইগাঁওৰ পৰা আহি গোৰেশ্বৰ হৈ ওদালগুৰিলৈ আশ্ৰয়স্থলী বিচাৰি গৈ আছিল বুলি সেনা-আৰক্ষীৰ সূত্ৰত প্ৰকাশ।