স্বায়ত্ত ৰাজ্যৰ দাবীত কাৰ্বি পাহাৰৰ পৰা দিল্লীলৈ যাত্ৰা, কঁপাব ৰামলীলা ময়দান

ডিফুঃ কাৰ্বি পাহাৰৰ পৰা ৰেল যোগে যাত্ৰা কৰিলে শ-শ লোকে৷ বৃহস্পতিবাৰে পুৱাই ডিফুৰ ৰেলষ্টেছনৰ পৰা যাত্ৰা কৰিলে এখন বিশেষ ৰেল৷ ৰেল খনৰ প্ৰায় দুই সহস্ৰাধিক যাত্ৰীয়ে অহা ১৯ ডিচেম্বৰত নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু ডিমা হাচাওক সামৰি ভাৰতীয় সংবিধানৰ অধিনত এখন স্বায়ত্ত ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্যে যাত্ৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰে৷

দিল্লীলৈ যাত্ৰা কৰা ৰেলখন প্ৰতিবাদকাৰীসকলৰ বাবে বিশেষ ভাবে ভাড়া কৰা বুলি জানিব পৰা গৈছে৷ কাঞ্চাচডিকমে নেতৃত্ব বহন কৰা নতুন দিল্লীলৈ যাত্ৰা কৰা প্ৰতিবাদকাৰী দলটোত বিজেপি, কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা তিনিখনৰ বিভিন্ন ৰাজনৈতিক দল, আলোচনাপন্থী উগ্ৰপন্থী দল, ছাত্ৰ আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মী, সদস্যই যাত্ৰা আৰম্ভ কৰে৷

পুৱাতেই পাহাৰীয়া জিলাখনৰ সদৰ ৰেলষ্টেছনত স্বায়ত্ত ৰাজ্যৰ দাবীত দিল্লী যাত্ৰা কৰিবলগা যাত্ৰীৰে এক উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয়৷ এক ঐতিহাসিক ৰেলযাত্ৰাৰ সাক্ষী হৈ ৰয় পাহাৰীয়া ৰেল ষ্টেছনটোৱে৷ ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জনগোষ্ঠীৰ বাবে সন্নিবিষ্ট হৈ থকা ২৪৪ (ক) ৰূপায়ণৰ জৰিয়তে এখন স্বায়ত্ত ৰাজ্যৰ দাবীত পাহাৰীয়া জিলা তিনিখনৰ ৰাইজে দীৰ্ঘদিনে পৃথক পৃথক মঞ্চৰ জৰিয়তে আন্দোলন অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ চৰকাৰে ২৪৪ (ক) ৰূপায়ণৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

বৰঞ্চ বিভিন্ন সময়ত আঞ্চলিক দলৰ পৰা আৰম্ভ কৰি সৰ্ব ভাৰতীয় পৰ্যায়ৰ দল সমূহে ক্ষমতাত অধিষ্ঠিত হৈ আহিছে৷ বিগত তেলেংগানা ৰাজ্য গঠন হোৱাৰ সময়তো স্বায়ত্ত ৰাজ্যৰ দাবীত আন্দোলনত জপিয়াই পৰি ৰাহুল চিংনাৰ নামৰ এজন যুৱকে পুলিচৰ গুলীত প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল৷ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বায়ত্ত ৰাজ্যৰ দাবীত সৰৱ হৈ পৰা দেখা গৈছে৷

সভা-সমিতিয়ে স্বায়ত্ত ৰাজ্যক লৈ অধিক সক্ৰিয় হৈছে যদিও ৰাজ্যৰ সৈতে থাকিয়েই স্বায়ত্ত ৰাজ্যৰ ক্ষমতা পোৱাৰ আশাবাদী৷ ডিফু ৰেল ষ্টেছনত ৰাজনৈতিক, অৰাজনৈতিক, ছাত্ৰ আৰু সামজিক দল-সংগঠন একাকাৰ হৈ ১৯ ডিচেম্বৰ দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদেৰে উত্তাল কৰাৰ বাবে যাত্ৰা আৰম্ভ কৰে৷

বিভিন্ন সম্প্ৰদায়ৰ ৰাইজে দিল্লী গামী যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জিলা তিনিখনৰ দীৰ্ঘ দিনীয়া দাবীক সকাৰ ৰূপ দিব পাৰিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে৷ ১৯ ডিচেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচীত সাংসদ বীৰেণ চিং ইংতি, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু ডিমা হাচাও জিলাৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছা জিলা বিজেপি সভাপতি ৰতন টেৰণে অংশ গ্ৰহণ কৰিব৷