আমেৰিকাৰ অনাথালয়ত অগ্নিকাণ্ড, ১৯ যুৱতীৰ মৃত্যু

গুৱাটেমালাঃ আমেৰিকাৰ গুৱাটেমালা চহৰত এখন মহিলা অনাথালয়ত বুধবাৰে হোৱা এক ভয়াবহ অগ্নিকাণ্ডৰ ফলত ১৯ গৰাকী যুৱতীৰ মৃত্যুমুখত পৰে।

শোকাৱহ ঘটনাটোত ২৫ জন লোক আহত হয়৷ নিহত যুৱতীসকলৰ বয়স ১৪ ৰপৰা ১৭ বছৰ আছিল৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ১৯ টা মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ঘটনাসন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে৷