
newsnextone.com | ওৰাংঃ ১৯৯৬ চনৰ ১৫ মে’ৰ সেই ভয়াবহ দিনটােক আকৌ এবাৰ স্মৰণ কৰিলে আদিবাসী জনসাধাৰণে৷ সেই নিশা কাল নিশা হৈ নামি আহিছিল একাংশ আদিবাসী লোকৰ বাবে৷ নিশাৰ এন্ধাৰত আৰু দিনৰ পোহৰত নিৰ্বিচাৰ ভাবে আক্ৰমণ কৰা হৈছিল খাতিখোৱা আদিবাসী পৰিয়ালক৷ নৰ-নাৰীক আক্ৰমণ কৰা হৈছিল৷
এফালৰ আক্ৰমণ কৰি গৈছিল একাংশ দুৰ্বৃত্তই৷ ঘৰৰ ভিতৰতে চলোৱা হৈছিল আক্ৰমণ৷ সেই দৃশ্যবোৰ আজিও পাহৰিব পৰা নাই অসমৰ আদিবাসী জনসাধাৰণে৷ জনগোষ্ঠীৰ মাজত সংঘটিত সংঘৰ্ষত কেইটামান ঘণ্টাৰ ভিতৰতে প্ৰাণ গৈছিল বহু লোকৰ৷
চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী আদি জিলাত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত নিহত লোকক মম জ্বলাই সোঁৱৰণ কৰিলে আদিবাসী ছাত্ৰ সন্থাই৷ ১৫ মেৰ দিনটো প্ৰতি বছৰে ক'লা দিৱস হিচাপে পালন কৰি আহিছে আছাই। এইবেলিও সমগ্ৰ ৰাজ্যত আছাই কলা দিৱস পালন কৰে৷
১৯৯৬ চনৰ ১৫ মে’ৰ সেই হত্যাকাণ্ড কোনো সংঘটিত কৰিছিল তাৰ উত্তৰ নাপালে আদিবাসী জনগোষ্ঠীয়ে৷ নিৰীহ মানুহৰ তেজেৰে ফাকু খেলা লোকসকল ধৰা নপৰিল আৰু বিচাৰ ন’হল৷ শাসক পক্ষই তদন্ত নকৰিলে৷ যাৰ বাবে আজিও ক্ষোভিত জনগোষ্ঠীটোৰ লোকসকল৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো কলা দিৱস পালন কৰি শ্বহীদসকলক স্মৰণ কৰে আদিবাসী ছাত্ৰ সন্থাই৷ শ-শ পুৰুষ মহিলাই দিনৰ ভাগত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সন্ধিয়া মম জ্বলাই সেই নিশাৰ শ্বহীদসকলৰ শ্ৰদ্ধা যাচে৷
আছাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি টিংকু ওৰাঙে আদিবাসীসকলে নায্য প্ৰাপ্তি, ন্যায়, অধিকাৰ, উন্নয়ন, শিক্ষা, স্বাস্থ্য সকলো দিশতে বৈষম্যৰ বলি হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে৷ এই হত্যাকাণ্ডৰ বিচাৰ নহ’ল৷ কোনো চৰকাৰে হত্যাকাৰীক উলিয়াব নোৱাৰিলে বুলি কয়৷
চাহ বাগিচাত কৰ্মৰত চাহ বনুৱাসকলৰ পৰিয়াল সমূহ ব্ৰিটিছৰ দিত যি অৱস্থাত আছিল আজিও তেনে অৱস্থাত থকা বুলি কয় আছাৰ ওদালগুৰি জিলা সমিতিৰ যুটীয়া সম্পাদক বিনোদ নাগৰে।
১৫ মে’ৰ দিনটো আছাই সমগ্ৰ অসমত কলা দিৱস হিচাপে পালন কৰি পুৱাৰ পৰা বিভিন্ন অঞ্চলত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।