
বোকাজানঃ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈ বিধায়কৰ পৰা আমোলালৈ সকলোৱে কেইটামান দিনৰ বাবে গুণোৎসৱত ব্যস্ত হৈ পৰা দেখা গ’ল৷ তাৰ লগে লগে যেন শিক্ষাক সংস্কাৰ কৰাৰ শ্ল’গান কৰবাত হেৰাই থাকিল৷ কিয়নো যোৱা দুদিন ধৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বহু বিদ্যালয় বন্ধ হৈ থকাত এই প্ৰশ্ন উত্থাপন হৈছে৷
ৰাজ্য চৰকাৰে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ক চৰকাৰী পুঁজি প্ৰদান কৰাৰ বিপৰীতে চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱ পালন কৰি আহিছে৷ ব্যাপক ঢাক-ঢোল বজাই গুণোৎসৱ পালন কৰিলে চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক মানদণ্ড উন্নীতকৰণন বাবে পালন কৰা গুণোৎসৱ বিদ্যালয়সমূহৰ বাবে একপ্ৰকাৰ ভেকোঁভাওনাতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে৷

চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে বিদ্যালয়সমূহত গুণোৎসৱ নামেৰে এক অভিলাষী আচনিৰ জৰিয়তে ৰাজ্যত তিনিটা পৰ্যায়ত এই আঁচনিৰ ৰূপায়নৰ ব্যৱস্থা কৰিছিল৷
পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত প্ৰথম দুটা পৰ্যায়ত গুণোৎসৱৰ কাৰ্যসূচী সমাপন হোৱাৰ পাছত জিলা দুখনৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীৰ কৰ্তব্য, দায়িত্ব, আৰু দায়বদ্ধ গুণোৎসৱৰ লগে লগে যেন অন্ত পৰিল৷ বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮.৪৫ৰ পৰা দুপৰীয়া ১.৩০ বজালৈ যদিও জিলা দুখনত গুণোৎসৱৰ প্ৰাকমুহূৰ্তত বিদ্যালয়সমূহে ভাল ফলাফল দেখুৱাৰ স্বাৰ্থত বিয়লি ৩ বজালৈকে জিলাখনৰ বহু চৰকাৰী বিদ্যালয়ত অতিৰিক্ত সময় পাঠদান কৰা পৰিলক্ষিত হৈছিল৷

কেৱল অতিৰিক্ত সময়েই নহয়, বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক-শিক্ষয়ত্ৰীসকলে সাপ্তাহিক বন্ধৰ দিনা অৰ্থাৎ দেওবাৰেও বিদ্যালয় খোলা ৰাখি ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত থাকিবলৈ বাধ্য কৰাইছিল৷ কিন্ত গুণোৎসৱ পাৰ হোৱাৰ লগে লগে জিলা দুখনৰ চৰকাৰী বিদ্যালয়সমূহৰ একাংশ বন্ধপ্ৰিয় শিক্ষক-শিক্ষয়িত্ৰীয়ে চৰকাৰী বন্ধৰ তালিকাত বন্ধ নথকা স্বতেও সংৰক্ষিত (ৰেষ্ট্ৰিকটেড) বন্ধ তালিকাত থকা বন্ধ দিনৰ সুযোগ লৈ বিদ্যালয় বন্ধ ৰখা কাৰ্যই জিলা দুখনৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
বন্ধপ্ৰিয় একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ কাৰ্বি আংলং জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা বন্ধৰ তালিকাকো অৱমাননা কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে বিদ্যালয়ৰ জিলা পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা বন্ধৰ তালিকা অনুসৰি চলিত বৰ্ষৰ ২, ৫ আৰু ১৯ অক্টোবৰত ক্ৰমে গান্ধী জয়ন্তী, লক্ষ্মী পূজা, কালি পূজা আৰু দিপাৱলীৰ উপলক্ষে বন্ধ আছিল৷

আনহাতে ৪ আৰু ২৮ নৱেম্বৰত গুৰু নানকৰ জন্ম জয়ন্তী আৰু খৰছিং তেৰাঙৰ মৃত্যু তিথি উপলক্ষে বিদ্যালয়সমূহ বন্ধ থাকিব৷ কাৰ্বি আংলং জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা সংৰক্ষিত বন্ধৰ তালিকাত চলিত বৰ্ষৰ ৩১ অক্টোবৰত তিৱা জনগোষ্ঠীৰ লক্ষণ পূজা আৰু ১ নৱেম্বৰত কুকি জনগোষ্ঠীৰ ছাৱাংকূট উৎসৱ উপলক্ষে বন্ধৰ দিন সংৰক্ষিত আছে৷
উল্লেখ্য যে এই সংৰক্ষিত বন্ধৰ তালিকাত থকা বন্ধ সমূহ জিলাখনৰ প্ৰতিখন চৰকাৰী খণ্ডৰ বিদ্যালয়ে বাধ্যতামূলকভাবে পালন কৰিব লাগিব বুলি কোনো নিদিষ্ট নিৰ্দেশনা নাই৷ কিয়নো সংৰক্ষিত বন্ধৰ তালিকাত থকা বন্ধ সমূহ উক্ত উৎসৱটো পালন কৰা লোকসকলৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাবেহে প্ৰযোজ্য৷ যদিহে এখন বিদ্যালয়ত সংৰক্ষিত বন্ধৰ তালিকাত নিদিষ্ট উৎসৱ-পাৰ্বন পালন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হয়, তেনেক্ষেত্রতহে উক্ত বিদ্যালয়খন বন্ধ ঘোষণা কৰিব পাৰিব৷
৩১ অক্টোবৰত যেনেদৰে সংৰক্ষিত বন্ধৰ তালিকাত তিৱা জনগোষ্ঠীৰ লক্ষণ পূজা আছিল, সেইমতে যিসমূহ বিদ্যালয়়ত তিৱা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক সেইসমূহ বিদ্যালয়েহে সংৰক্ষিত বন্ধ পালন কৰিব পাৰে৷ ঠিক একেদৰে সংৰক্ষিত বন্ধৰ তালিকাত উল্লেখ থকা ১ নৱেম্বৰত কুকি জনগোষ্ঠীৰ ছাৱাংকূট উৎসৱত কুকি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক থকা চৰকাৰী বিদ্যালয়েহে সংৰক্ষিত বন্ধ পালন কৰিব লাগে৷
পূৱ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ বন্ধপ্ৰিয় তথা কৰ্তব্য আৰু দায়িত্বক ফাঁকি দিয়া একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে কাৰ্বি আংলং জিলাৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা দুয়োখন বন্ধৰ তালিকাক চৰম অৱমাননা কৰি ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত বোকাজান মহকুমাত একাংশ বিদ্যালয় বন্ধ ৰখা পৰিলক্ষিত হয়৷
বুধবাৰে কুকি জনগোষ্ঠীৰ ছাৱাংকূট উৎসৱ উপলক্ষে সংৰক্ষিত বন্ধৰ তালিকাত বন্ধৰ দিন ধাৰ্য কৰা আছিল যদিও কুকি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী অধিকভাৱে নথকা বোকাজানৰ চৰকাৰী বিদ্যালয় সমূহ ক্ৰমে জয়নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়, হাংজাংলাংছ' উচ্চ প্ৰাথমিক বিদ্যালয়, হাংজাংলাংছ' নিম্ন প্ৰাথমিক বিদ্যালয়, সৰিয়হজান উচ্চ মাধ্যমিক বিদ্যালয়, জনতা ইংৰাজী নিম্ন প্ৰাথমিক বিদ্যালয়, ঘৰিয়ালডুবি উচ্চ প্ৰাথমিক বিদ্যালয়, তলবালিজান উচ্চ মাধ্যমিক বিদ্যালয় আদি বহু চৰকাৰী বিদ্যালয় বন্ধ থকা পৰিলক্ষিত হয় ৷
উল্লেখ্য যে পূৱ আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱৰ প্ৰাকক্ষণত চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত আহোপুৰুসাৰ্থ কৰা পৰিলক্ষিত হৈছিল, কিন্ত গুণোৎসৱৰ পৰৱৰ্তী সময়ত ইয়াৰ এখন বিপৰীত ছবিহে দুয়োখন জিলাৰ লগতে বিশেষকৈ বোকাজান মহকুমাত দেখিবলৈ পোৱা গৈছে ৷ এনে একাংশ বন্ধপ্ৰিয় তথা কৰ্তব্য আৰু দায়িত্বক ফাঁকি দিয়া শিক্ষক-শিক্ষয়িত্ৰীক লৈয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ জড়িয়তে কৰা মূল্যায়ন এক ভোকোভাওনাতহে পৰিণত হৈছে বুলি বোকাজানৰ সচেতন মহলৰ মাজত সৰৱ চৰ্চা আৰম্ভ হৈছে৷