কাৰ্বি পাহাৰত হাতী নিধনৰ ফান্দ পাতিছে বিদ্যুৎ বিভাগে, বন বিভাগ আছে শুই

বোকাজানঃ অসম বিধান সভাৰ অধিৱেশন চলি থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজানত দুটাকৈ বনৰীয়া হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোৱালি ল’ব লগা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলা খনত৷ বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ দুটাকৈ হাতীৰ মৃত্যু হোৱাৰ ঘটনাক সহজেই লোৱা নাই পাহাৰীয়া জিলাৰ লোকসকলে৷ বিধান সভা নিৰ্বাচনৰ পূৰ্বে মানুহ জীৱ-জন্তু সকলোকে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি বৰ বৰ কথা কৈছিল অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে৷ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াৰ কথা কৈ ভোট ভিক্ষা কৰিছিল তিনিওঁটা দলে৷

বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷ গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২৫ মাহ পূৰ্বে শাসনৰ গাদী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ দুটাকৈ হাতীৰ মৃত্যু হয়৷

বোকাজানৰ দেওপানীত সোমবাৰে পুৱতি নিশা দুই বনৰীয়া হাতীৰ কৰুণ মৃত্যুক আকোৱালি লয়৷ খাদ্যৰ সন্ধানত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ধনশিৰী চাহ বাগিচাত প্ৰৱেশ কৰাৰ সময়তে বিদ্যুৎৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্যু হয়৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চিলনীজানৰ পৰা বোকাজানৰ অভিমুখে টানি নিয়া বিদ্যুৎ পৰিবাহী তাঁৰ মাটিৰ পৰা কেই ফুটমান ওপৰেৰে টানি নিয়াৰ ফলত এই ঘটনা সংঘটিত হয়৷ বিদ্যুৎ বিভাগে চকু মুদি থকাৰ ফলতেই ওলমি থকা তাঁৰ সমূহ দেখা নাছিল বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ ওলমি থকা তাঁৰত লাগি হাতী দুটাই কৰুণ মৃত্যুক আকোৱালি লোৱাত ৰাইজ ক্ষোভিত হৈ পৰে৷

উল্লেখ্য যে, বহুদিন ধৰি বিদ্যুৎৰ খুঁটা ভাগি থকাৰ বাবে অঞ্চলৰ কেইবাটাও স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ দোলা দি তললৈ নামি আহে যদিও বিদ্যুৎ বিভাগ আৰু বন বিভাগ হাতী মাৰিবলৈ হে যেন ফান্দ পাটি থৈছিল৷ আনহাতে ধনশিৰী চাহ বাগিচাৰগৰাকীয়ে বিদ্যুৎৰ তাঁৰ সমূহ তললৈ নামি অহা বুলি অৱগত কৰাৰ পিছতো বিদ্যুৎ বিভাগে গুৰুত্ব প্ৰদান কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ বন বিভাগে বোকাজান বিদ্যুৎ বিভাগক বাড়ম্বাৰ অৱগত কৰিছিল যদিও বিদ্যুৎ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দুটাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয়৷

বিদ্যুৎ বিভাগৰ লোকে নিৰ্লজ্জ ভাৱে দায়সৰা মন্তব্য আগবঢ়ায় বিভাগটোৰ মহাপ্ৰৱন্ধক তথা অভিযন্তাই৷ বোকাজান বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই পূৰ্বেও বন্যহস্তীৰ মৃত্যু হৈছে৷ কাৰ্বি পাহাৰতহাতী-মানুহৰ সংঘাটে জটিল ৰূপ ধাৰণ কৰাৰ লগে লগে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বাৰে বাৰে হাতীৰ মৃত্যু হৈ আহিছে৷ দুদিন তিনিদিনৰ মূৰে মূৰে হাতী আৰু মানুহৰ প্ৰাণ গৈ আহিছে যদিও নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কোৱা চৰকাৰ খনে কিঞ্চিত গুৰুত্ব আৰোপ কৰা দেখা নাযায়। কেতিয়াবা বিদ্যুৎৰ তাৰত লাগি হাতীৰ প্ৰাণ গৈছে আকৈ কেতিয়াবা বন্যহস্তীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে কেতিয়াবা আকৌ মানুহৰ জিঘাংসাৰ বলি হৈছে হাতী৷ তাৰ পিছতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায় চৰকাৰ খনে৷