বিদ্যুতৰ তাৰত লাগি দুটা হাতীৰ মৃত্যু, নিমাত চৰকাৰ, নিমাত ৰাজ্যৰ সংগঠন

বঢ়মপুৰঃ ৰাজ্যৰ চৌদিশে হাতী-মানুহৰ সংঘাত৷ বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ-বৰ ভাঙি, খেতি পথাৰ তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰিছে৷ প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহ মৰিছে৷ হাতীও মৰিছে প্ৰতিদিনে৷ তাৰ পিছতো শুই আছে ৰাইজৰ চৰকাৰ৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ নিতৌ হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷

নিতৌ বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰাৰ ফলত উজাগৰি নিশা কটাবলগীয়া হৈছে মনুহে৷ তাৰ মাজতে বন বিভাগ তথা বিদ্যুৎ বিভাগৰ গাফিলতিত দুটাকৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিত৷ বিদ্যুৎ বিভাগ আৰু বন বিভাগৰ গাফিলতিত পথাৰৰ মাজৰ বিদ্যুৎ তাৰত লাগি পুনৰ দুটি বনৰীয়া হাতীৰ মৃত্যু হোৱাত পৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ জানিব পৰা মতে, যোৱা কেইবাটাও দিন ধৰি ৭ জনীয়া হাতীৰ জাক এটাই নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালি কছাৰী গাঁৱত থিতাপি লৈ আছে৷

হাতী কেইটাই দিনৰ দিনটো জংঘলত সোমাই বেলি ডুব যোৱাৰ পিছতে জনাঞ্চললৈ ৰাওনা হৈ মানুহৰ ঘৰৰ ধান-চাউল আদি খাই নষ্ট কৰে৷ সোমবাৰে নিশাও হাতীৰ জাকটোৱে তেনেদৰে ওলাই অহাত গাঁৱত আতংকৰ সৃষ্টি হোৱাৰ সময়তে পথাৰৰ মাজত হাতেৰে চুব পৰা অৱস্থাত থকা ১১ হাজাৰ ভল্টৰ তাৰত লাগি দুটা হাতীৰ মৃত্যু হয়৷ পুৱাই একাংশ লোকে প্ৰকাণ্ড হাটী দুটা পথাৰৰ মাজত পৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হাতী দুটিৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে৷

নিতৌ হাতী অহা-যোৱা কৰা বুলি অৱগত হোৱাৰ পিছতো বিদ্যুৎ বিভাগে পথাৰৰ মাজত তাৰ গদাঙি ওপৰলৈ নিয়াৰ ব্যৱস্থা কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে৷ আনহাতে বন বিভাগে হাতী কেইটাৰ খেদি পাহাৰ নিয়াৰ ব্যৱস্থা নকৰাৰ বিপৰীতে বন বিভাগৰ লোকে পহৰা দিব আহি মানুহৰ ঘৰত বহি উভতি যায় বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ ৰাজ্যত এতি হাতী আৰু মানুহ মৰিলে প্ৰতিবাদ কৰিবলৈ নাই কোনো দল-সংগঠনৰ৷ প্ৰতিদিনে হাতী মৰিছে মানুহ মৰিছে তথাপিও সকলোৱে নিমাত হৈ থকাত একাংশ লোক প্ৰশ্ন উত্থাপন কৰি