বৰগাঁও চাহ বাগিচা-মাউদ চাহ বাগিচাত তলা, শ্ৰমিকৰ হাহাকাৰ, প্ৰতিবাদ অব্যাহত

চাবুৱাঃ ৰাজ্যৰ দুখন চাহ বাগিচাৰ শ্ৰমিকে এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ দুয়ো খন বাগিচাৰ শ্ৰমিকে চকুলো টুকি দিন পৰা কৰিব লগা হৈছে৷ সন্তানৰ পঢ়া-শুনা পৰিয়ালৰ ভৰণ-পোষণৰ কথা ভাবি দিন পাৰ কৰিছে৷ কিয়নো তেওলোক এতিয়া কৰ্মহীন৷ উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাঁও(নিউ কেটলা)চাহ বাগিচা যোৱা ২০ জুলাইৰ পৰা বন্ধ কৰি ৰাখিছে বাগিচা কৰ্তৃপক্ষই৷

আমাক ভাত, কাপোৰ ৰুটি লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো চৰকাৰ-প্ৰশাসনে বাগিচা খন খোলাৰ ব্যৱস্থা কৰা নাই৷ যাৰ ফলত বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাঁও(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে৷ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ফলত প্ৰায় চাৰিমাহ কাল নিজ ইচ্ছামতে তলা ওলোমাই থৈছে বাগিচা খনৰ মালিকে৷ চৰকাৰ, মন্ত্ৰী, বিধায়ক, উপায়ুক্তই তলা খুলি দিয়াটো দুৰৰ কথা বাগিচাৰ ওচৰলৈয়ে যাবলৈ সাহস কৰা নাই৷

তাৰ মাজতে চৰকাৰ, প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই উজনিৰ এখন চাহ বাগিচাত তলা ওলোমালে বাগিচা কৰ্তৃপক্ষই৷ ১৭ অক্টোবৰত উজনিৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাউদ চাহ বাগিচাত তলা ওলোমাই পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰি ঘৰ চলোৱা শ্ৰমিকসকলে এতিয়া কৰিব লগা হৈছে হাহাকাৰ৷ মাউদ চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি আবেদন কৰি গুৰুত্ব আৰোপ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে৷

এম্বুলেঞ্চ, চিকিৎসক, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, আদি বিছাৰি প্ৰতিবাদ কৰে৷ এম্বুলেঞ্চ, চিকিৎসক, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত বুধবাৰে পুৱাৰে পৰা বাগিচাখন লক আউট কৰি দিয়ে৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰশাসনক বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

তাৰ মাজতে মঙলবাৰে চাবুৱা মাউদ চাহ বাগিচাত মালিকৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে অসম টি লেবাৰ ইউনিয়নৰ উদ্যোগত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে সুৰেণ বৰাই। সভাত উদ্দেশ্য ব্যাখ্যা কৰে যুৱ নেতা বিজয় বাউৰীয়ে। সভাত প্ৰায় ২ শতাধিক শ্ৰমিক উপস্থিত থাকি চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ আটলুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সন্তোষ কুৰ্মীয়ে বাগিচা খনৰ শ্ৰমিক সকলৰ অনাদায় প্ৰাপ্য আদায়ৰ দিয়াৰ লগতে সংগ্ৰাম আগুৱাই নিয়াৰ স্বাৰ্থত তিলেশ্বৰ নায়কক সভাপতি আৰু অজয় বৰাইকক সম্পাদক হিচাবে লৈ ৫১ জনীয়া সমিতি গঠন কৰ।