এখন মহাবিদ্যালয়ত দুজন অধ্যক্ষ, অধ্যক্ষ থাকোতেই পৰিচালনা সমিতিয়ে নিয়ুক্তি দিলে অধ্যক্ষ

চিলাপথাৰঃ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ শিক্ষক সমাজক সমাজে সদায় উচ্চ আসন দি আহিছে৷ তাৰ মাজতে একাংশ শিক্ষকৰ কাম-কাজে, কৰ্ম-কাণ্ডই শিক্ষক সমাজ খনকে লজ্জানত কৰে৷ শেহতীয়াকৈ একাংশ শিক্ষকে ধন ঘটাৰ বাবে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ ধন আত্মসাৎ, পদবীৰ লালসাত অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

ধেমাজি জিলাৰ চিচিবৰগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেওঁ উত্থাপন হৈছে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ৷ চিচিবৰগাঁও মহাবিদ্যালৰ অধ্যক্ষৰ আসনক লৈ দীৰ্ঘদিনৰ পৰাই টনা আজোৰা হৈ থকাৰ লগে লগে উন্নয়নৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ অধ্যক্ষৰ আসনত বৰ্তমান কোন আছে সেই কথা এতিয়াওঁ স্পষ্ট হোৱা নাই৷ যাৰ ফলশ্ৰুতিত এতিয়া কোনেও কব নোৱাৰে প্ৰকৃত অধ্যক্ষ কোন।

মহাবিদ্যালখনৰ অধ্যক্ষ ঠানুৰাম ভূঞাৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা মহাবিদ্যালয়ৰ বিভিন্ন শিতানৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইতিমধ্যে বহুকেইটা গোচৰ আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তওঁ চলি আছে। শেহতীয়াকৈ শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজাহাৰৰ ভিত্তিত যোৱা ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ তাদাৰকী কোষে সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে।

মহাবিদ্যালৰ খনৰ ভিতৰৰে এটি পক্ষৰ উচটনিত অধ্যক্ষজনৰ বিৰুদ্ধে এটাৰ পিছত এটা গোচৰ ৰুজু হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ সম্প্ৰতি মহাবিদ্যালৰে কোষেশ্বৰ বৰা নামৰ অধ্যাপকে চিচিবৰগাঁও আৰক্ষী চকীত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৮/২০১৮ত গোচৰ ৰুজু কৰি দেওবাৰে অধ্যক্ষ ঠানুৰাম ভূঞাক গ্ৰেপ্তাৰ কৰে আৰু আদালতত হাজিৰ কৰোৱাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

অধ্যক্ষ ঠানুৰাম ভূঞাই নীতিবৰ্হিভূতভাৱে মহাবিদ্যালয়ৰ নামত থকা বেংকৰ একাউন্টৰ পৰা ধন উলিয়াই অনাৰ অভিযোগ উত্থাপন কৰে অধ্যাপকগৰাকীয়ে৷ ইমানলৈ ঠিকেই আছিল কিন্তু আচৰিত ভাৱে গোচৰীয়া তথা অধ্যাপক কোষেশ্বৰ বৰাই এজাহাৰত Principal-in-Charge, Sissiborgaon Collegeবুলি স্বাক্ষৰ কৰাত হে দৃশ্য পট সলনি হয়। কিয়নো এগৰাকী অধ্যক্ষ থকাৰ পিছত আন এগৰাকী অধ্যাপকে কেনেদৰে ভাৰপ্ৰাপ্ত দায়িত্ব লব পাৰে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷

একাংশ লোকে সমস্ত ঘটনাৰ অন্তৰালত ৰহস্যৰ গোন্ধ পোৱা বুলিও জানিব পৰা যায়৷ কোষেশ্বৰ বৰাই মহাবিদ্যালৰে একাংশ শিক্ষক-কৰ্মচাৰীৰ লগ হৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক মেনেজ কৰি অবৈধভাৱে ঠানুৰাম ভূঞাক আঁতৰাই নিজে অধ্যক্ষৰ আসন দখল কৰিবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি মহাবিদ্যালয়ত চলি থকা নিৰ্মাণৰ কাম কৰিবৰ বাবে অধ্যক্ষক এক প্ৰস্তাৱযোগে দায়িত্ব অৰ্পণ কৰা হৈছিল।

কিন্তু যোৱা ২৭ ডিচেম্বৰত অধ্যক্ষ ঠানুৰাম ভূঞা উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি তাৎক্ষণিকভাৱে পৰিচালনা সমিতিৰ সভা আহ্বান কৰি কোষেশ্বৰ বৰাক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে যদিও পূৰ্বৰ অধ্যক্ষজনক নিলম্বন অথবা কোনোধৰণৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা নাই বুলি জানিব পৰা যায়৷ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিযুক্তি অথবা সালসলনি কৰে উচ্চ শিক্ষা সঞ্চালকালয়ে।

কিন্তু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি যেন উচ্চ শিক্ষা সঞ্চালকালয়ৰ ওপৰত হে৷ পৰিচালনা সমিতিয়ে সঞ্চালকৰ ভাও ধৰি অধ্যক্ষ নিয়ুক্তি দিয়ে৷ এজন অধ্যক্ষ থকাৰ পিছত পৰিচালনা সমিতিয়ে পুনৰ আন এজন অধ্যক্ষ নিযুক্তি দিয়াৰ ঘটনাই সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে৷ আনহাতে বৰ্তমান অধ্যক্ষ বুলি দাবী কৰা কোষেশ্বৰ বৰাক উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়ৰ ডিডিঅ’ হিচাপে নিযুক্তি দিছিল।

পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অধ্যক্ষক চৰকাৰে নিয়ুক্তি দিয়া অধ্যক্ষই দায়িত্বভাৰ অৰ্পণ নকৰা আৰু নীতিবৰ্হিভূতভাৱে মহাবিদ্যালয়ৰ ধন বেংকৰ পৰা উলিয়াই অনাৰ অভিযোগ উত্থাপন কৰি চিচিবৰগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৪/২০১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/৪০৯/৩৮০ ধাৰাত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে৷