দিহিং নৈৰ পাৰত সেনাৰ অভিযান অব্যাহত, আলফাৰ ২ কেডাৰ নিহত হোৱাৰ সন্দেহ

ফাইল ফটো
ফাইল ফটো

মাৰ্ঘেৰিটা/লিডুঃ দেওবাৰে নিশাৰে পৰা তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ বুঢ়ীদিহিং নৈৰ জাগুণ ঘাটত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ সন্দেহজনক আলফা স্বাধীন আৰু সেনাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ লগাৰ পিছৰে পৰা আলফা বিছাৰি সেনাৰ তীব্ৰ অভিযান সোমবাৰে গোটেই দিন অব্যাহত আছে৷ লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়ীদিহিং নৈৰ পাৰত দেওবাৰে প্ৰথমে সন্ধিয়া প্ৰায় ৭ বজাত আছাম ৰাইফল আৰু আলফা স্বাধীনৰ কেডাৰৰ মুখামুখি হৈছিল৷

তাৰ পিছতে সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লগাত নিশাৰ আন্ধাৰৰ সুযোগ লৈ আলফাৰ দল পলায়ণ কৰিছিল৷ সংঘৰ্ষৰ পিছৰে পৰা তথা সোমবাৰে পুৱাৰ পৰা অঞ্চলটোত দিহিং নৈৰ দুয়োপাৰে সেনা আৰু আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলে। উগ্ৰপন্থীৰ সন্ধানত সেনাই ড্ৰোন ব্যৱহাৰ কৰে৷ আনহাতে, সেনাক লক্ষ্য কৰি আলফাই মৰ্টাৰেৰে আক্ৰমণ কৰা বুলিও জানিব পৰা গৈছে৷ আলফা স্বাধীনৰ ২ কেডাৰ নিহত হোৱাৰ সন্দেহ কৰা হৈছে।

নিহত হোৱাৰ এই খবৰ খাতাং হবলৈ কিছু সময় প্ৰয়োজন হ’ব৷ গণৰাজ্য দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে ম্যানমাৰৰ পৰা অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ এটা ৬ জনীয়া দলে অসমত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে৷ দেওবাৰে নিশা ১৩নং অছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়৷ তিনিচুকীয়াৰ জাগুনৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ দিহিং নৈৰ কথা গাঁৱত দুয়ো পক্ষৰ মাজত দীৰ্ঘ সময় গুলীয়াগুলী লাগে৷ দুয়োপক্ষৰ ক্ষতি হোৱাৰ আশংকা কৰা হৈছিল৷

গণৰাজ্য দিৱসৰ পূৰ্বে উজনি অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনাৰে আলফাৰ দুধৰ্ষ গেৰিলা উদয় অসমৰ নেতৃত্বত অহা ৬ জনীয়া দলেটোৱে জাগুনৰ সমীপৰ দিহিং নৈ পাৰ হ’ব ধৰোতেই ১৩নং অসম ৰাইফল দল এটাৰ সৈতে মুখামুখি হয়৷ ফলত অত্যাধুনিক অস্ত্ৰৰে সজ্জিত আলফাৰ দলটোৰ সৈতে সেনাৰ ভয়াৱহ সংঘৰ্ষৰ সুত্ৰপাত হয়৷