২০০ বছৰ সম্পূৰ্ণ কৰিলে বেবেজীয়াৰ জুৰীয়া নামঘৰে

নগাঁওঃ নামঘৰৰ সৈতে আছে অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা সম্পৰ্ক৷ সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে নামঘৰসমূহ৷ অসমীয়াৰ বৰঘৰ সদৃশ একো একোটা নামঘৰ সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ ভৰাল স্বৰূপ। মানুহে শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ এক পবিত্ৰ স্থান৷ 

উপাসনা কৰাৰ লগে লগে সমাজ খনৰ বিভিন্ন কথাৰ বাবে এতত্ৰিত হোৱা ঠাই হৈছে নামঘৰসমূহ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ বাবে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে৷ শংৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল স্বৰূপ ৰাজ্যৰ এটি নামঘৰে ২০০ বছৰ অতিক্ৰম কৰিল৷

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়াৰ জুৰিয়া নামঘৰে ২০০ বছৰ অক্ৰম কৰিলে৷ ঐতিহ্যমণ্ডিত নামঘৰটোৰ প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাইজে পালন কৰে৷ বাৰ্ষিক সেৱা আৰু ভাওনা উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে ৰাইজে। শনিবাৰে পুৱা জুৰিয়া নামঘৰ প্ৰাংগণত ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজকৰ্মী বিনোদ বৰুৱাই। 

শ্ৰীমন্ত শংকৰ, হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই, নাহি নাহি নাহি আমাৰ পৰম গুৰু আদি গুৰু বন্দনা, নামৰ লহৰ, কীৰ্তন ভাগৱতৰ ছন্দ, খোল-তাল, নাগাৰা, দবা-কাঁহৰ ধ্বনি, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি আৰু হৰি নামৰ সুললিত সুৰে নগাঁও জিলাৰ বেবেজীয়াৰ আকাশ বতাহ মুখৰিত হৈ আছে।

শিশুৰপৰা আবাল, বৃদ্ধ, বণিতালৈ সকলো আত্ম বিভোৰ হৈ পৰে হৰি নাম কীৰ্তনত৷ ধৰ্মধ্বজা উত্তোলন কৰি বিনোদ বৰুৱাই কয় যে, গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ অসমীয়া সমাজ জীৱনলৈ এক অনবদ্য অৱদান। নামঘৰ কেৱল ইশ্বৰ উপাসনাৰ স্থলী য়েই নহয়, অসমীয়া ধৰ্মীয় আৰু সামাজিক বান্ধোনকো সুদৃঢ় কৰাৰ কৰ্মস্থলী। 

নামঘৰ সৃষ্টিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতীয় জীৱনৰ শ্ৰেষ্ঠ পুৰুষ। ধৰ্মধ্বজা উত্তোলনৰ পিছত ৮.৩০ বজাত স্মৃতি তৰ্পণ কৰে শংকৰী কলা-সংস্কৃতিৰ সাধক অনন্ত কাকতি আৰু যুৱ ব্যৱসায়ী বিতুল কাকতিয়ে। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা মোহিনী মোহন ডেকাই উদ্বোধন কৰা নাটভ্ৰমণ শোভাযাত্ৰাই অঞ্চলটোতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। 

আধুনিকৰণৰ ধামখুমীয়াত ব্যস্ত হৈ থকা যুৱচামক গুৰুজনাৰ অমিয়া কৃষ্টি সংস্কৃতিৰ মাজলৈ টানি অনাৰ ইতিবাচক লক্ষ্যৰে উলিওৱা শোভাযাত্ৰাই প্ৰায় ৩ কিল’মিটাৰ পথ পৰিভ্ৰমণ কৰি হৰি নামৰ ধ্বনিৰে জীপাল কৰি তোলে। দুপৰীয়া খোল প্ৰসংগ, নাম প্ৰসংগৰ অন্তত সন্ধিয়া বন্তি প্ৰজ্বলন কৰে শিল্পী নাৰায়ণ হাজৰিকাই। 

নিশা ৮-১৪ বছৰীয়া বালকসকলে জোৰা পৰিবেশন কৰাৰ লগতে গুৰুজনাৰ ৰচিত অংকীয়া নাট ‘ৰুক্মিণী হৰণ’ মঞ্চস্থ কৰে। নাট উদ্বোধন কৰে অধিবক্তা বাণীকান্ত শৰ্মাই। নাম কীৰ্তনেৰে মুখৰিত হৈ পৰা বুঢ়া নামঘৰত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে শৰাই শলিতা আগবঢ়ায়৷