বেজেৰা উদয়ন শান্তি নিকেতনত একেদিনাই ২৩ খন গ্ৰন্থ উন্মোচন

বাইহাটা চাৰিআলিঃ উত্তৰ কামৰূপৰ বেজেৰাস্থিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বেজেৰা উদয়ন শান্তি নিকেতনত বৃহস্পতিবাৰে ২৩ খন গ্ৰন্থ উন্মোচন কৰি একপ্ৰকাৰ ইতিহাস ৰচনা কৰে৷ এখন বিদ্যালয়ে ২৩ খন গ্ৰন্থ উন্মোচন কৰাৰ কাৰ্যক ৰাইজে শলাগ লয়৷ বৃহস্পতিবাৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে স্থানীয় লোকৰ উপস্থিতিত এখন বিশেষ সভা অনুষ্ঠিত হয়৷

বিদ্যালয়ৰ সঞ্চালক হুছেইন আলী খণ্ডকৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক গুৰু ড০ অৰূপজ্যোতি চৌধুৰীয়ে৷ তেও ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কয় " প্ৰতিযোগিতা লাগে, শিক্ষাৰ্থীসকল আগবাঢ়ি যাওঁক কিন্তু নিজৰ ঠাইখনৰ কথা, সমাজখনৰ কথা, অঞ্চলৰ নৈখনৰ কথা, পাহাৰখনৰ কথা পাহৰিলে নচলিব, অৰ্থাৎ মূলৰ পৰা বিচিন্ন হব নালাগিব"৷

ব্যক্তিগত খণ্ডৰ আগশাৰীৰ আদৰ্শ উচ্চ শিক্ষানুষ্ঠান উদয়ন শান্তি নিকেতনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰন্থ উন্মোচনী মহোৎসৱত যোগদান কৰি একেখন বিদ্যালয়ৰ পৰা একেদিনাই ২৩ খনকৈ আলোচনী উন্মোচন হোৱা কথাটো অভিভূত হৈ পৰা বুলি কয় চৌধুৰীয়ে। জীৱনত এয়া প্ৰথম বাৰলৈ দেখাৰ সৌভাগ্য বুলিও স্বীকাৰ কৰে। তেওঁ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

চৌধুৰীয়ে বিদ্যালয়ে প্ৰকাশ কৰা মূল মুখপত্ৰ 'উদয়ন' বিজ্ঞান বিষয়ক মুখপত্ৰ নিউক্লিয়াছ আৰু গণিত বিষয়ক মুখপত্ৰ ফলক উন্মোচন কৰে। শিক্ষয়িত্ৰী প্ৰণতীয়ে আঁত ধৰা গ্ৰহ উন্মোচনী সভাখনত বিদ্যালয়খনৰ পৰা প্ৰকাশিত বাকী শ্ৰেণী ভিত্তিক আৰু শাখা ভিত্তিক আলোচনীসমূহ সভাৰ সভাপতি বিশিষ্ট সমাজকৰ্মী হুচেইন আলী খণ্ডকৰ, বদৰ আলী, চণ্ডীচৰণ ডেকা, মুনীন শৰ্মা, হেমন্ত শৰ্মা, সাংবাদিক মিনহাজুদ্দিন আহমেদ, পূলক চমুৱা, কৃপাংকৰ ডেকা আৰু বিশিষ্ট নিৱন্ধকাৰ মোহন শইকীয়াই উন্মোচন কৰে।