
ডিব্ৰুগড়ঃ শনিবাৰৰ পুৱাৰে পৰা ২৪ ঘণ্টীয়া অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে৷ এক বিবৃতিযোগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে কেন্দ্ৰীয় চৰকাৰে অচ্ছে দিনৰ শ্ল’গান আঁওৰাই অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ অধীনস্থ ৬ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰা বুলি কায়।
এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাক সমালোচনা কৰি জাতি বিৰোধী ভূমিকা লোৱা বুলি কয়৷ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰাৰ দাবীত সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৪ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰে। যদি জাতি বিৰোধী সিদ্ধান্ত বাতিল নকৰে তেন্তে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গিৰিন চেতিয়া আৰু সাধাৰণ সম্পাদক ৰাজীৱ গগৈ হুংকাৰ প্ৰদান কৰে৷