নগাঁৱত আবকাৰীৰ অভিযান, ৭০০ লিটাৰ দেশী মদ জব্দ

নগাঁওঃ নগাঁও জিলাত অবৈধ সুৰাৰ ব্যৱসায় অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে নগাঁও জিলাৰ ননৈত বুধবাৰে অবৈধ সুৰাৰ বিৰুদ্ধ আবকাৰী বিভাগ তীব্ৰ অভিযান চলাই কেইবা শ লিটাৰ দেশীয় মদ জব্দ কৰিবলৈ সক্ষম হয়৷

অবৈধ সুৰাৰ বিৰুদ্ধ আবকাৰী বিভাগৰ গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ননৈৰ পৰা ৭০০ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে আটক কৰে তিনিজন অবৈধ ব্যৱসায়ীক৷ বৰপাঠৰিৰ ভাইটি শইকীয়া, জয়ৰাম শইকীয়া আৰু ঝুমুৰমুৰৰ আব্দুল আলিক আটক কৰা বুলি জানিব পৰা গৈছে৷ নগাঁও জিলা আবকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত চলিছিল এই অভিযান৷