
মৰিয়নি/গুৱাহাটীঃ ধুবুৰীৰ চৰত এগৰাকী শিক্ষকক ব্লেকমেইলিং কৰা ঘটনাৰ সৈতে জৰিত তিনি অভিযুক্তক অৱশেষত আটক কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ এজন যুৱ শিক্ষকে আত্মহত্যা কৰাৰ পূৰ্বে ফেচবুকত লিখি থৈ যোৱা এখন চিঠিয়ে তোলপাৰ লগােৱাৰ পিছতেই যোৰহাট আৰক্ষী সষ্টম হৈ পৰিছে৷
এই কাণ্ডই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হয়৷ উদ্দিন শ্বেখ, সহেল নায়াজ খণ্ডকাল আৰু সহেল উদ্দিন আহমেদ নামৰ তিনিজনক আটক কৰে ধুবুৰী আৰক্ষীয়ে৷ ধুবৰী আৰক্ষী আৰু যোৰহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
যোৰহাট জিলা ৰিবুল মালি নামৰ যুৱ শিক্ষকজনে ২০১২ চনৰ পৰা ধুবুৰীৰ এটি অতি পিছপৰা চৰ অঞ্চলত অনিয়মীয়া শিক্ষক হিচাবে কাম কৰি আছিল।
পত্নী আৰু এটি কণমানি পুত্ৰৰ সৈতে ধুবুৰীত বাস কৰা থকাৰ সময়ত তেওঁক একাংশ লোকে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰে। তেওৰ পত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰাৰ ফলত ভাগি পৰি অৱশেষত ৰেলৰ আগত পৰি আত্মহত্যা কৰে যুৱ শিক্ষকেজনে৷
জানিব পৰা মতে, শিক্ষক ৰিবুল মালিৰ পত্নীয়ে ধুবুৰীৰ এগৰাকী যুৱকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল৷ ইমানে নহয় শিক্ষক ৰিবুল আৰু কণ মানি সন্তানটোকো এৰে পত্নীয়ে৷ ২৬ মাৰ্চত তেওঁৰ সন্তান, পত্নী আৰু শিক্ষামন্ত্ৰীক উদ্দেশ্যি এখন ফেচবুকত চিঠি লিখাৰ প্ৰায় ১০ মিনিট পিছতেই যোৰহাটৰ মৰিয়নি ৰেলষ্টেছনৰ সমীপত আত্মহত্যা কৰে শিক্ষকজনে৷ তেওঁ ফেচবুকত লিখা চিঠিখনত ধুবুৰীৰ সেই অঞ্চলটোৰ পৰিৱেশ ভাল নোহোৱাৰ লগতে এটি বিশেষ সম্প্ৰদায়ৰ কথা উল্লেখ কৰে৷
য’ত শিক্ষক, নাৰী আৰু শিক্ষকৰ পৰিয়ালৰ কোনো নিৰাপত্তা নাই বুলি কয়৷ তাৰ মানুহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তাত কোনো পৰিৱেশ নাই বুলি কয়৷ একাংশ লোকে ভোকাতুৰ শগুণৰ দৰে খাপ পিটি ৰৈ থাকে বুলিও উল্লেখ কৰে শিক্ষক ৰিবুলে৷