তিনিচুকীয়াৰ মালোগাঁৱত সেনাৰ অভিযান, বিস্ফোৰক সহ আটক ৩ যুৱক

লিডুঃ উজনিত অব্যাহত আছে সেনা-আৰক্ষীৰ অভিযান৷  তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ উজনি অসমত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ 

তিনিচুকীয়া জিলাত পুনৰ সেনাৰ অভিযান চলে সোমবাৰে পুৱা৷ লিডু আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰীয়া অঞ্চল লিডু মালোগাঁৱত চলা সেনাৰ অভিযানত NSCNৰ সৈতে জড়িত থকাৰ সন্দেহত ৩ জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। 

মাৰ্ঘেৰিটাস্থিত ১৪নং অসম ৰাইফলছৰ দল এটাই সোমবাৰে পুৱাই লিডুৰ মালোগাঁৱত অতৰ্কিতে অভিযান চলায়। অভিযানকালত সেনাৰ দলটোৱে কামৈ হাখুন(২০), কুমচেং হাখুন(২০) আৰু নুকচাম বংটাই(৪০) নামৰ তিনি যুৱকক আটক কৰিবলৈ সক্ষম হয়৷

নগা বিদ্ৰোহী সংগঠন NSCNৰ খাপলাং গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ সন্দেহত তিনিওজনকে আটক কৰে৷ অভিযানকালত যুৱকেইজনৰ পৰা ডিটেনেটৰ, বিস্ফোৰণত ব্যৱহৃত নিয়ন্ত্ৰক, আপত্তিজনক নথি-পত্ৰ, মোবাইল, চীম কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱক কেইজনক সেনাৰ দলটোৱে লিডু আৰক্ষী চকীত গতাই দিয়ে।