চৰকাৰে ৰং চাইছে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ, ৩০ জানুৱাৰীত প্ৰতিবাদ

ফাইল ফটো
ফাইল ফটো

গোৰেশ্বৰঃ ২০১১ চনৰ পদ প্ৰাদেশিকীকৰ বিলৰ অধীনত ৰাজ্যৰ শ-শ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ নকৰাত হাজাৰ হাজাৰ শিক্ষকে হাহাকাৰ কৰিব লগা হৈছে৷ আজিকোপতি পদ প্ৰাদেশিকীকৰণ নোহোৱা ৩৫ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে৷

২০১৩চনৰ ১জানুৱাৰীৰ পৰা আৰু ২০১৪ চনৰ ১ আগষ্টলৈ কাৰ্যকৰী হোৱাকৈ বকেয়া সহ দৰমহা প্ৰায় ১৬শ কৌটি টকা আদায় দিবলগীয়া হোৱাত চক্ৰান্তমূলক ভাৱে প্ৰাদেশিকীকৰণ আইন, ২০১১ চৰকাৰে বাকিল কৰি চক্ৰান্তমূলক ভাৱে শিক্ষকসকলক বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে৷

২০১১ চনৰ পদ প্ৰাদেশিকীকৰ বিলৰ অধীনত একে যোগ্যতা থকা ৰাজ্যৰ ৮৮৩২ খন শিক্ষানুষ্ঠানৰ ৪১৬৩৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ল যদিও একাংশ বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক পুনৰ বিভিন্ন আইনৰ আওতালৈ আনি বঞ্চিত কৰাত ক্ষ্ষোভিত হৈ পৰিছে শিক্ষক-কৰ্মচাৰীসকল৷ শিক্ষানুষ্ঠানসমূহৰ পদ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৰি অহা চৰম হেমাহিৰ বাবে একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চ।

ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতি যোগে ক্ষোভ ব্যক্ত কৰি পদ প্রাদেশিকীকৰণ আইন ২০১১, সংশোধনী আইন ২০১২, আৰু সংশোধনী আইন ২০১৩, অধীনত বিও বিভাগত থকা নিম্ন প্ৰাথমিক (২৮৮৮) খন, উচ্চ প্ৰাথমিক (৩১৩৫) খন, উচ্চ মাধ্যমিক( ২২৫) খন, উচ্চতৰ মাধ্যমিক (১১৪) খন, কনিষ্ঠ মহাবিদ্যালয় (১০৫) খন, সংস্কৃত টোল (৮৫ ) খন, ছিনিয়ৰ মাদ্ৰাছা (২০)খন, প্রি-ছিনিয়ৰ মাদ্ৰাছা (১৪৩) খন আৰু প্রথম পৰ্য়াযৰ ৰৈ যোৱা মাধ্যমিক পৰ্য্যায়ৰ (৯৬) খন সহ মুঠ (৬৮৯৬) খন শিক্ষানুষ্ঠানৰ ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰী আজিও নিযুক্তি পত্ৰ পোৱাৰ আশাত তেওঁলোকৰ ভৱিষ্যৎ বিও বিভাগত বন্দী কৰি ৰখা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

উচ্চ প্রাথমিক শিক্ষক-কৰ্মচাৰীসকলৰ পদ সমূহ ৫+১ আৰু শিক্ষানুষ্ঠানসমূহৰ এফেক্ট ডেট বাহাল ৰখাৰ দাবী জনাই চৰকাৰক শিক্ষক আৰু কৰ্মচাৰীৰ পৰিয়ালৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ঐক্যমঞ্চই। বৈষম্যমূলক আচৰণ পৰিহাৰ কৰি পদ প্রাদেশিকীকৰণৰ অবৈধ আইন ২০১১ৰ অধীনত নিযুক্তি লাভ কৰা ৪২ হাজাৰ শিক্ষক-কৰ্মচাৰীক যেনে দৰে সুৰক্ষা প্ৰদান কৰিলে ঠিক তেনেদৰে একে আইনৰ অধীনৰ বিও বিভাগত থকা ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীকো সুৰক্ষা প্ৰদান কৰি নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ ৰাজ্য চৰকাৰক অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই দাবী জনায়।

এই শিক্ষানুষ্ঠানসমূহ ২০১২ৰ চনৰ এশ টকাৰ ট্রেজাড়ী চালান থকা৷ সংগঠনটোৱে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ১৯৮৫ চনৰ পৰা বৰ্তমানলৈ বিনা বেতনে মানৱ সেৱা কৰি অহা শিক্ষক-কৰ্মচাৰীসকলৰ আৰু নো কিমান ৰং চাব চৰকাৰে বুলি আৱেগ প্ৰকাশ কৰে। শিক্ষক-কৰ্মচাৰীসকলৰ অৱসৰৰ সময় সমাগত কিন্তু পদ প্ৰাদেশিকীকৰণ নকৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে চৰম বঞ্চনা কৰা বুলি কয় সংগঠনটোৱে।

বঞ্চনাৰ নীতি পৰিহাৰ কৰি শীঘ্ৰে পদসমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাই অহা ৩০ জানুৱাৰীত দিনৰ ১১টা বজাত অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই পদ প্রাদেশিকীকৰণ আইন ২০১৭ৰৰ কিছু ধাৰা-উপধাৰা (৫+১আৰু এফেক্ট ডেট বাহাল ৰখাৰ) সংশোধণৰ দাবীত কাহিলীপাৰা শিক্ষা সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে বিবৃতি যোগে৷ কাৰ্যসূচীত অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি কামনা কৰে ঐক্যমঞ্চই।