ভাৰতত আক্ৰমণ চলাবলৈ সাজু ৩০পাক সংগঠন

ডিজিটেল ডেস্কঃ পাকিস্তানত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰাৰ সময়তে ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ একিত্ৰত হৈছে চুবুৰীয়া দেশখনৰ ৩০ টাকৈ সন্ত্ৰাসবাদী আৰু ধৰ্মীয় সংগঠন।

ইয়াৰ ভিতৰত আছে নিষিদ্ধ ঘোষিত লস্কৰ-ঈ-তৈবা, জৈছ-ই-মহম্মদ, হিজবুল মুজাহিদিন আৰু জামিয়ত-উল-মুজাহিদিনৰ দৰে সন্ত্ৰাসবাদী সংগঠন। ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ একত্ৰিত হোৱা ৩০ সংগঠনৰ মিত্ৰজোঁটৰ নাম দিয়া হৈছে দাইফা-এ-পাকিস্তান। এই উদ্বেগজনক তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবদেনত কোৱা হৈছে যে বিগত বৰ্ষৰ জুলাই মাহত বুৰহান ৱানিৰ মৃত্যুৰ পিছত জম্মু-কাশ্মীৰৰ পৰিস্থিতি উত্তপ্ত কৰিবলৈ কেবা শ কোটি টকা ব্যয় কৰিছিল পাকিস্তানে। সন্ত্ৰাসবাদী সংগঠনৰ লগতে কেইবাটাও ধৰ্মীয় সংগঠনেও এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। দেশখনৰ বহু যুৱকক ইয়াৰ বাবে প্ৰকাশ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে হাফিজ ছঈদ আৰু ছৈয়দ ছালাউদ্দিনৰ দৰে সন্ত্ৰাসবাদী নেতাক ইতিমধ্যে আমেৰিকাই গ্ল’বেল টেৰ’ৰিষ্ট হিচাপে ঘোষণা কৰিছে। তাৰ পিছত লোকক দেখুৱাবলৈ দেশখনে সামান্য পদক্ষেপ ল’লেও পুনৰ সন্ত্ৰাসবাদৰেই পৃষ্ঠপোষকতা কৰি যায়।

দেশখনৰ নৱ-প্ৰজন্মক জিহাদৰ প্ৰতি আকৃষ্ট কৰিবলৈ অভিযান নামি পৰে হাফিজ ছঈদৰ লগতে প্ৰাক্তন আই এছ আই প্ৰধান হামিদ গুলৰ পুত্ৰ। এই কাৰ্যত পাক সেনায়ো প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়ায়।

নতুন যুৱকসকলক কঠোৰ অনুশীলনৰ অন্তত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ভাৰতত আত্মগোপন কৰিব পৰাকৈ বিভিন্ন স্থানীয় ভাষা শিকোৱা হৈছে। এক পৰিসংখ্যা মতে, জম্মু-কাশ্মীৰত চলিত বৰ্ষতে সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা সৰ্বাধিক হৈছে। প্ৰায় প্ৰতিটো দিনতে যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। অৱশ্যে ভাৰতীয় নিৰাপত্তাবাহিনীৰ সাহসী প্ৰচেষ্টাত অধিকাংশ প্ৰচেষ্টাই ব্যৰ্থ হ’বলৈ বাধ্য হৈ পৰিছে।