কাজিৰঙাত নিৰ্মাণ কৰা হ’ব ৩৩ টাকৈ হাইলেণ্ড, বন্যপ্ৰাণীৰ মৃত্যুৰ খবৰ পালে শোকত ভাগি পৰোঃপ্ৰমিলা

ওদালগুৰিঃ সমাজৰ একাংশ বেয়া মানুহৰ বাবেই ৰাজ্যত সংঘটিত হৈছে বন্য প্ৰাণীৰ মৃত্যু তথা হস্তী-মানুহৰ সংঘাত। কেইবছৰমান পূৰ্বে ৰাজ্যখনত থকা সেউজ সংৰক্ষিত বনাঞ্চল সমূহ এতিয়া ধ্বংস কৰিছে মানুহে। ফলত বন্য জন্তু সমূহে খাদ্যৰ সন্ধানত জনাঞ্চললৈ গতি কৰেছে৷ এইসমূহ জন্তুৱে ইয়াৰ বাবে বিভিন্ন সময়ত মানুহৰ সৈতে সংঘাত হোৱা দেখা গৈছে। এই ভাষ্য ৰাজ্যৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ।

শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ উদ্যোগত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পৰ্যটনস্থলীত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত উপস্থিত থাকি এই ভাষ্য প্ৰদান কৰে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই। ৰাজ্যত চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা, বিভিন্ন বন্যপ্ৰাণীৰ মৃত্যু সন্দৰ্ভত সংবাদ মাধ্যমত-বিভিন্ন মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যবাসীৰ লগতে তেওঁ শোকত ভাগি পৰে বুলি কয়।

বন্যপ্ৰাণীৰ মৃত্যু কেনেদৰে ৰোধ কৰিব পৰা যাব এই বিষয়ে বন বিভাগটোৱে বিভিন্ন ধৰণে পদক্ষেপ হাতত লৈছে যদিও কিছু ক্ষেত্ৰত সফল আৰু আন কিছুমান ক্ষেত্ৰত বিফল হোৱা বুলি মন্ত্ৰী ব্ৰহ্মই স্বীকাৰ কৰে। তেওঁ লগতে কয় যে, বন ধ্বংস ৰোধ তথা বন্যপ্ৰাণী হত্যা ৰোধৰ ক্ষেত্ৰত বন বিভাগটোৰ লগতে সাধাৰণ ৰাইজৰো বহু কৰণীয় আছে। কিয়নো চোৰাং চিকাৰীৰ দল এটাই একেটা দিনতে বনাঞ্চলত প্ৰৱেশ কৰি একেটা দিনতে বন্যজন্তু হত্যা কৰিব নোৱাৰে।

ইয়াৰ বাবে তেওঁলোকে পৰিকল্পনা কৰে ওচৰৰে কোনো এখন গাঁৱত খাপ পিতি। এই সময়ছোৱাত সাধাৰণ ৰাইজে চোৰাং চিকাৰী সন্দৰ্ভত বন বিভাগক খবৰ দিব লাগে। তেতিয়া বন বিভাগে প্ৰাণী হত্যা কিছু পৰিমাণে হ'লেও ৰোধ কৰিব পাৰিব। অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাৰ্থীয়ে বন বিভাগৰ বিষয়া তথা মন্ত্ৰীগৰাকীক বাৰিষা কালত কাজিৰঙাৰ বন্যপ্ৰাণী ৰক্ষণাবেক্ষণ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰে। প্ৰশ্নৰ উত্তৰ দি বনমন্ত্ৰীগৰাকীয়ে কয় যে, বাৰিষা কালত কাজিৰঙাৰ অধিক অঞ্চল পানীৰ তলত থাকে। সেয়েহে বন্য জন্তুসমূহে খাদ্যৰ সন্ধানত অন্য স্থানলৈ গতি কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ যাওঁতে তীব্ৰবেগী গাড়ীৰ খুন্দাত মৃত্যু হয়।

এনে ধৰণৰ অনাকাংক্ষিত মৃত্যু ৰোধৰ বাবে বন বিভাগটোৱে এইবাৰ কাজিৰঙাৰ বিভিন্ন স্থানত বন্য জন্তুৰ আশ্ৰয়ৰ বাবে ৩৩ টাকৈ ওখ স্থানৰ নিৰ্মাণ কৰাৰ লগতে আগন্তুক বাৰিষা কালত বাহনসমূহৰ নিয়ন্ত্ৰণৰ বাবে টাইমকাৰ্ডৰ ব্যৱস্থাটোত অধিক গুৰুত্ব প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে ভাষণত আন এক গুৰুত্বপূণ বিষয় উল্লেখ কৰি প্ৰতিগৰাকী বনকৰ্মীক এশজোপাকৈ গছ ৰোপন বাধ্যতামূলক কৰাৰ লগতে ৰাজ্যৰ প্ৰতিজন লোকক চাৰিজোপাকৈ গছ ৰোপনৰ আহ্বান জনায়। বনমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত এতিয়া থলুৱা আইপিএছ বিষয়াৰ সংখ্য যথেষ্ট তাকৰ।

সেয়েহে সকলো নৱপ্ৰজন্মক একোজনকৈ আইপিএছ বিষয়া হোৱাৰ সপোন মনত সাচি ৰাখি আগুৱাই যোৱাৰ আহ্বান জনায়। ইফালে ওদালগুৰি জিলাৰ ওৰাঙৰ সমীপৰ বড়োবজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি থকা বাঘটো গাভিনী বুলি উল্লেখ কৰি এনে অৱস্থাত বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ হ'লে বাঘটো মৃত্যুমুখত পৰিব বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি বনবিভাগে বাঘটো কৰায়ত্ব কৰাৰ বাবে ব্যৱস্থা কৰিছে আৰু উক্ত অঞ্চলৰ স্থানীয় ৰাইজে বনবিভাগক যথেষ্ট সহায় কৰি আহিছে বুলি কয়।

বাঘটো সুস্বাস্থ্যৰে কৰায়ত্ব কৰিব পাৰিলে গাওঁ খনক বনবিভাগৰ আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰি গাঁও খন আৰু অধিক উন্নয়ণ কৰাৰ লগতে ক্ষতিগ্ৰস্থ লোকক তৎকালে সাহাৰ্য প্ৰদান কৰা হ’ব বুলি প্ৰমীলাৰাণী ব্ৰহ্মই ঘোষণা কৰে।আলোচনাচক্ৰত মন্ত্ৰী ৰিহন দৈমাৰী, বিধায়ক চৰণ বড়ো, মহেশ্বৰ বসুমতাৰী, ইমানুৱেল মোচাহাৰী, বিটিচিৰ অধ্যক্ষ ত্ৰীদিপ দৈমাৰী, জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, ধনশিৰি সংমণ্ডলৰ বন বিষয়া মাধুৰ্য্য কুমাৰ শৰ্মাৰ লগতে বনবিভাগৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে।