
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শুৱাগপুৰত এগৰাকী মহিলাক উলংগ কৰি আদিমযুগৰ শাস্তি বিহা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী মহিলা আৰু এগৰাকী পুৰুষক যোৱা ৬ এপ্ৰিলত একাংশই উলংগ কৰি মাৰধৰ কৰাৰ ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত সুবাগপুৰৰ বৰনদীপাৰ গাঁৱৰ কৰবী শইকীয়া, অনিতা কলিতা, হৰেণ হৰিজন আৰু নিৰ্মলা কলিতাক আটক কৰে।
ইপিনে চাৰি গৰকী ব্যক্তিক আটক কৰাৰ পিছত সন্ধিয়া বহু পুৰুষ মহিলা সুবাগপুৰ থানাত সমবেত হোৱাত চেপা উত্তেজনাই বিৰাজ কৰে। গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৱাগপুৰ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত বৰনদীপাৰ গাঁৱৰ নিৰঞ্জন কলিতাৰ ঘৰত যোৱা ৬ এপ্ৰিলৰ নিশা গাঁও খনৰ নিৰঞ্জন কলিতাৰ পত্নী আৰু গুৱাহাটী নিবাসী এজন লোকক উলংগ কৰি প্ৰচণ্ড মাৰপিট কৰে।
নিশা অভিযুক্ত চাৰিজনক গোৰেশ্বৰ থানাত অনাৰ পিছত গাঁও প্ৰায় শতাধিক পুৰুষ মহিলাই অৱস্থান কৰে থানা চৌহদত। ইয়াৰ মাজতে অভিযুক্ত আৰু দুই মহিলা ৰীণা হৰিজন আৰু দময়ন্তী হৰিজনে নিজে আৰক্ষীক ধৰা দিছিল বুলি জানিব পৰা গৈছে। ইপিনে বুধবাৰে নিশা ৯ মান বজাত তামুলপুৰ মহকুমা আৰক্ষী বিষয়াই গোৰেশ্বৰ থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয়। নিশা এঘাৰ বজালৈ গাওঁবাসীয়ে গোৰেশ্বৰ থানাত অৱস্থান কৰে যদিও আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্তক আদালতত হাজিৰ কৰিব৷
►কি কয় গাওঁবাসীয়ে?
দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই থকা মহিলাগৰাকীক পূর্বেও সকীয়াই দিছিলো৷ মহিলাগাৰকীয়ে গাঁওবাসীৰ কথাৰ গুৰুত্ব দিয়া নাছিল। গাওঁ খনৰ পৰিৱেশ বিনষ্ট কৰিছিল মহিলাগৰাকীয়ে৷ সেই নিশা আমি হাতে লোটে ধৰা পেলাইছিলো৷ পুৰুষ মহিলা দুয়ো মিলি মদ্যপান কৰি আছিল৷ এটা কোঠাৰ ভিতৰত বিবস্ত্ৰ অৱস্থাত আছিল দুয়ো। অনৈতিক কাৰ্য লিপ্ত হৈ আছিল। আমাতকৈ মহিলাগৰাকীৰ ভুল বেছি।
►এগৰাকী মহিলাক উলংগ কৰি অত্যাচাৰ কৰাৰ অধিকাৰ কোনো লোকৰ হাতত দেশৰ সংবিধানে প্ৰদান কৰা নাই বুলিহে সচেতন মহলে মত প্ৰকাশ কৰিছে। আনহাতে চাৰিবেৰৰ ভিতৰত কোঠাৰ ভিতৰত থকা পুৰুষ-মহিলাক কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে সেই কথা শেহতীয়াকৈ ভাৰতৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল৷