কন্দলীৰ বনকৰ্মীক আক্ৰমণৰ সৈতে জড়িত ৪ জনক আটক

কামপুৰঃ বৃহস্পতিবাৰে একাংশ ক্ষোভিত লোকে নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলীক বন বিভাগৰ লোকক আক্ৰমণ কৰাৰ ঘটনাৰ আজিও তীব্ৰ চাঞ্চল্য অব্যাহত আছে।বন বিভাগৰ লোকৰ সন্মুখতে দুটি হাতীয়ে যুজ লাগি বিস্তৰ ক্ষতি সাধন কৰি থকাৰ সময়তে বন বিভাগৰ লোকে অসহায় হৈ চাই থাকিব লগা হোৱাত ৰাইজ উত্তেজিত হৈ বন বিভাগৰ লোকক আক্ৰমণ কৰিছিল একাংশ লোকে৷

উত্তেজিত লোকৰ গণ প্ৰহাৰৰ পৰা ৰক্ষা পাবলৈ হাতত বন্দুক লৈ দৌৰিব লগা হয় বন বিভাগৰ লোকে৷ পলায়ণ কৰা বনকৰ্মীসকলে শুকুৰবাৰে গোচৰ ৰুজু। ৰাইজৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় আলি হুচেইন নামৰ এগৰাকী বন কৰ্মী। আহত হয় বন কৰ্মী ৰূপ জ্যোতি বৰা, ৰবিন মহন্ত, গুণ কান্ত হাজৰীকাই ননৈ আৰক্ষী চকীত এক গোচৰ তৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৩৩/১৮৬/৩২২/৩২৬/৩৩২/৩৩৭ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কন্দলী অঞ্চলৰ পৰা সঞ্জয় টেৰণ, সোমেশ্বৰ দৈমাৰী, সঞ্জয় মিলিক আৰু ৰাণুমাই দৈমাৰী নামৰ চাৰিজ লোকক আটক কৰে। ইফালে নিশা নগাঁও কন্দলী আৰু ননৈত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ চলাই। প্ৰায় তিনি শতাধিক হাতীৰ জাকে ধান খাই তহিলং কৰে পথাৰত। ঘৰৰ ভৰাল ভাঙিও ধান খাই বন্যহস্তীয়ে। আনহাতে শুকুৰবাৰৰ পুৱাই নগাঁৱত উপস্থিত হয় বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। মন্ত্ৰীগৰাকীয়ে ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত উপস্থিত হৈ আহত বন কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লয়।