ৰঙিয়া চহৰত ৪ শিশু উদ্ধাৰ

ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত ৪ কিশোৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মাতে, তিনিআলিৰ ঘাইপথত নিশা ৯.৩০ বজাত চাৰিজন শিশুৱে অনাই-বনাই ঘুৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সন্দেহ কৰে৷

শিশু কেইটাক সোধ-পোছ কৰাত কোনো ধৰণৰ উত্তৰ দিব নোৱাৰাত ৰঙিয়া সদৰ থানাত অৱগত কৰি তেওঁলোকক ৰঙিয়া থানাত গতাই দিয়ে।

শিশু কেইটাৰ অনুমানিক বয়স ৫/৬ বছৰৰ হ’ব। স্থানীয় ৰাইজৰ সন্দেহ কৰা মতে শিশু চাৰিটাক কোনোবা মানৱ সৰবৰাহকাৰী ব্যক্তিয়ে ফুচুলাই বিক্ৰী কৰাৰ বাবে লৈ আহিছিল। ৰাইজৰ সচেতনতাৰ বাবে নাবালক চাৰিটা মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৰক্ষা পৰে৷