ওদালগুৰিত নিশা চলিছিল সেনা-আৰক্ষীৰ অভিযান, অস্ত্ৰ-শস্ত্ৰ সহ জালত চাৰি এনডিএফবি

ওদালগুৰিঃ বিটিএডিত অব্যাহত আছে সেনা-আৰক্ষীৰ অভিযান৷ ম্যানমাৰত প্ৰশিক্ষণ লৈ বিটিএডিত এটি ১৭জনীয়া এনডিএফবিৰ দল প্ৰৱেশ কৰা বুলি থিৰাং হোৱাৰ পিছৰে পৰা অব্যাহত আছে সেনা-আৰক্ষীৰ অভিযান৷

ইতিমধ্যে কোকৰাঝাৰ আৰু বাক্সাত জিলাত ম্যানমাৰৰ পৰা অসমত প্ৰৱেশ কৰা কেইবাগৰাকী এনডিএফবিৰ সদস্যক আটক কৰবিলৈ সক্ষম হোৱাৰ লগতে আন কেইবাজনো এনডিএফবিক সেনা-আৰক্ষীয়ে জালত পেলাইছে৷ ওদালগুৰি জিলাতো সেনা-আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হৈছে কেইবাগৰাকী এনডিএফবিৰ সদস্যক।

তাৰ মাজতে, ওদালগুৰি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰেঞ্চী গাঁৱত অভিযান চলাই বুধবাৰে নিশা আৰক্ষীৰ জালত পৰে চাৰি এনডিএফবিৰ সদস্য। এক গোপন সূত্ৰৰ পম খেদি ওদালগুৰি আৰক্ষী-সেনাই নিশা ওদালগুৰি চহৰৰ উত্তৰাঞ্চলত অভিযান আৰম্ভ কৰে। অভিযানত সেনা-আৰক্ষীৰ দলটোৱে গেৰেঞ্চীৰ পৰা আটক কৰে চাৰি এনডিএফবি সদস্যক।

আটকাধীন সদস্য কেইজনৰ তিনিজন সদস্য ৰঞ্জন দৈমাৰী গোটৰ বিপৰীতে এগৰাকী সদস্য সংবিজিত গোটৰ বুলি সেনা সূত্ৰই জানিবলৈ দিয়ে। শস্ত্ৰপাৰা গাঁৱৰ গৌচুম, কচুবিল গাঁৱৰ গৌমচাৰ দৈমাৰী, শিলপোটা গাঁৱৰ আশিস দৈমাৰী বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীত আটকাধীন সংবিজিত পন্থী এনডিএফবি গোটৰ দুধৰ্ষ সদস্যজন বাটাবাৰী গাঁৱৰ অঞ্জালু কছাৰী বুলি জানিব পৰা গৈছে।

আটকাধীন এনডিএফবি সদস্যকেইজনৰ পৰা এটা ৭.৬৫এম এম পিষ্টল, দুই জাঁই সজীৱ গুলী, এটা এম-২০ (৭.৬২এম এম) পিষ্টল তিনি জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে ১১টা মোবাইল ফোন, ছিমকাৰ্ড, এটিএম কাৰ্ড, পেনকাৰ্ডসহ আন কিছু নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন এনডিএফবি সদস্যকেইজনক অভিযানকাৰী দলটোৱে সোধাপছ কৰাত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত গৌচুম আৰু গৌমচাৰ নামৰ সদস্য দুজনৰ বাসগৃহৰ পৰা ক্ৰমে দুটা হেণ্ড গ্ৰেণেড(৩৬নং) আৰু ৭.৬৫ এম এম পিষ্টলৰ তিনিটা সজীৱ গুলী উদ্ধাৰ কৰে। অভিযানৰ সময়ছোৱাত আন চাৰিজন লোক অভিযানকাৰী দলটোৰ হাতত আটক হৈছিল যদিও সেই চাৰিজন লোকক সোধ পোচ কৰি যাবলৈ দিয়া হয়। আৰক্ষীৰ জালত পৰা এনডিএফবি সদস্যকেইগৰাকী বিভিন্ন অপৰাধমূলক কাৰ্যত জৰিত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।