
কামপুৰঃ দেশৰ ৰাজধানী দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ অনুষ্ঠিত বিতৰ্কিত NRCৰ সভাত জমিয়তৰ সভাপতি আৰ্শ্বাদ মাদানী উপস্থিত থাকি বিতৰ্কিত মন্তব্য কৰাত ৰাজ্য উত্তাল হৈ থকাৰ মাজতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইক ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ ইমানে নহয় ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায়৷
বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰা কৰে সমাজ সচেতক কমল কুমাৰ মেধিয়ে৷
যাৰ ফলত বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ কেইঘন্টামান পিছত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কমল কুমাৰ মেধিক ফোনযোগে জাতক ধৰি গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰে৷
এই ঘটনাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ দেওবাৰে নিশা ৯৪৩৫১১২৯৬৮ নম্বৰৰ পৰা একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি কমল কুমাৰ মেধিক চক্ৰৱৰ্তীয়ে কয় "মই আলফাকে কেয়াৰ নকৰো৷ তুমি কোন৷ এয়া নিচ জাতিৰ কাম৷ মোৰ বিৰুদ্ধে গোচৰ তৰি সাহস দেখুৱাইছ"৷ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে নগাঁও জিলাৰ কামপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে সাংবাদিক তথা প্ৰাক্তন কৃষক নেতা মোলান লস্কৰে। কামপুৰ আৰক্ষী চকীত ২৮৭/১৭ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪(এ)/১০৯ ধাৰাত ৰুজু হয় গোচৰ।
ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে এইটো চতুৰ্থটো গোচৰ। ইফালে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে হাতত অস্ত্ৰ লৈ নগাক নিজেই গুলীয়াম বুলি কৈ ৰাষ্ট্ৰদ্ৰোহৰ পৰিচয় দিয়া বুলি মন্তব্য কৰে প্ৰাক্তন কৃষক নেতা লস্কৰে। অখিল গগৈয়ে প্ৰয়োজন সাপেক্ষে হাতত অস্ত্ৰ লম বুলি কোৱাত যদি কাৰাবাস খাটিব লগা হৈছে তেন্তে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীকো উচিত শাস্তি দিব লাগে বুলি কয় কৃষক নেতাগৰাকীয়ে।