
ওদালগুৰিঃ ৰাজ্যত জাল নোটৰ প্ৰচলন আজিও অব্যাহত আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত জাল নোটৰ ব্যৱসায়ী আটক হৈ থকাৰ সময়তে এইবাৰ ওদালগুৰি জিলা আৰক্ষীয়ে, কামৰূপ মহানগৰ জিলাৰ আজাৰাৰ পৰা ৫গৰাকী লোক এখন স্কোৰপিঅ' কেইবা লাখ টকা সহ নতুন আটক কৰিবলৈ সক্ষম হয়৷
ওদালগুৰি আৰক্ষীৰ জালত তিনিচুকীয়াৰ কৃষ্ণ সোণাৰ(৩৬), কামৰূপ মহানগৰ জিলাৰ আজাৰাৰ মজিবুৰ ৰহমান(৩৫), কামৰূপ মহানগৰ জিলাৰ হাতীগাঁওৰ পুলিন দত্ত(৫৫), আজাৰাৰ আৰজোল আলী(২৩) আৰু বকোৰ ফিৰোজ আলী(৩০) জালত পৰে৷
চক্ৰটোৱে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি এ(৪) কাগজক এক বিশেষ জুলীয়া পদাৰ্থৰ দ্বাৰা আচল নোটলৈ পৰিণত কৰে। অৰ্থাৎ বগা কাগজসমূহো জুলীয়া পদাৰ্থৰ দ্বাৰা দেখিবলৈ আচল টকা যেন হৈ পৰে। কিন্তু এই নোটসমূহ চক্ৰটোৱে সাধাৰণ শ্ৰেণীৰ লোকৰ হাততহে প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।
অৱশ্য চক্ৰটোৱে উল্লেখ কৰা কৌশল কিমান দূৰ সঁচা সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত। কিন্তু এনেধৰণৰ সমাজৰ এচাম সাধাৰণ লোকক চক্ৰটোৱে প্ৰৰোচিত কৰি ৰাজ্যত এনেধৰণৰ নোট প্ৰচলন কৰা কথাটোৱে চৰ্চাৰ সৃষ্টি লাভ কৰিছে। আটকাধীন লোককেইজনৰ বিৰুদ্ধে ওদালগুৰি থানাত ভাৰতীয় দণ্ড বিধিৰ 489B/489D/489c/420 ধাৰাত 90/18 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লোককেইজনৰ লগত আচল ৫০০ টকীয়াৰ নোট ২৭ খনহে আছিল। অৰ্থাৎ ১৩,৫০০ টকাহে আছিল আচল টকা। চক্ৰটোৱে টেলিফোনেৰে এগৰাকী লোকৰ সৈতে উক্ত প্ৰায় এক কোটি টকাৰ ভুৱা নোটসমূহ ২৫ লাখ টকাত বিক্ৰী কৰাৰ চুক্তিবদ্ধ হৈছিল। কিন্তু ওদালগুৰি আৰক্ষীয়ে খবৰ পাই লোককেইগৰাকীক আটক কৰে।