বিধায়ক-উপায়ুক্ত ফেইল, সেনাৰ এজাহাৰৰ ভিত্তিত ৫ শিক্ষয়িত্ৰী, ছাত্ৰ নেতাক গ্ৰেপ্তাৰ

ৰঙিয়াঃ এখন বিদ্যালয় হঠাৎ বন্ধ কৰ দিয়াত ৰঙিয়াত শ-শ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ নিজ সন্তানে পঢ়ি থকা বিদ্যালয় খন হঠাৎ বন্ধ কৰি দিলে এটি পৰিয়ালৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেই কথা নিজৰ সন্তানটোৱে পঢ়ি থকা পৰিয়ালটোৱে হে জানিব৷ নিজ সন্তানটোৱে অধ্যয়ণ কৰি থকা এখন বিদ্যালয় বন্ধ কৰি দিয়াত হাহাকাৰ কৰিব লগা হৈছে৷ সেনাৰ ৰেডহৰ্ণ পাব্লিক স্কুল সেনাবাহিনীয়ে বন্ধ কৰি দিয়াত ক্ষোভিত লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৰঙিয়াত৷

সেনাই কিশোৰ-কিশোৰী, শিক্ষক-শিক্ষয়িত্ৰী ভৱিষ্যত অন্ধকাৰলৈ ঠেলি বিদ্যালয়ত তলা ওলোমাই দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। বহু সপোন, বহু আশা লৈ নিজ সন্তানক পঢ়ি থকা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে চিন্তাত পৰে৷ তাৰ মাজতে ৪ জানুৱাৰীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে পুৱাই বিদ্যালয়খনত উপস্থিত হৈ দেৱাল ভঙাৰ চেষ্টা কৰাৰ লগতে গেটৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰে।

স্কুল খন বন্ধ কৰি সেনাই বাহৰ পাতি থকাত উত্তেজিত হৈ বিদ্যালয় খনত প্ৰৱেশ কৰি শ্ৰেণী কোঠাৰ ভিতৰৰ পৰা সেনাৰ আচবাব সমুহ দলিয়াই উলিয়াই দিয়ে। পিছত সেনা জোৱান আৰু শিক্ষয়িত্ৰীসকলৰ মাজত হতাহতি পৰ্যন্ত হৈছিল৷ ফলত দুগৰাকী শিক্ষয়িত্ৰী অচেতন হৈ চিকিৎসায়ত ভৰ্তি হ’ব লগা হৈছিল৷ ৰঙিয়া আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষায়া উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত সেনা বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও সকলো আলোচনা বিফল হোৱাৰ লগতে বৃহস্পতিবাৰে সেনাৰ এজাহাৰৰ ভিত্তিত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস নমিতা দাসক গ্ৰেপ্তাৰ কৰে৷

বৃহস্পতিবাৰে ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস নমিতা দাসক স্বাস্থ্য পৰীক্ষাৰ অন্তত ন্যায়ালয়ত হাজিৰ কৰাৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ৰঙিয়া আৰক্ষীয়ে নলবাৰী জেললৈ প্ৰেৰণ কৰা আটাইকেইজনকে বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত সোধ-পোচ কৰাৰ বাবে মাতি আনি এনেদৰে আটক কৰাত সমগ্ৰ ৰঙিয়াত চেপা উত্তেজই বিৰাজ কৰিছে৷ ৰঙিয়াৰ চেপ্তিৰ ভাৰতীয় সেনাৰ ৰেডহৰ্ন ডিভিছনৰ ছাউনীত সেনা আৰু ৰাইজৰ মাজত  সৃষ্টি হয় চৰম সংঘাটময় পৰিস্থিতিৰ৷ ৰেডহৰ্ন ডিভিছনৰ সেনা ছাউনীত অৱস্থিত ৰেডহৰ্ন পাব্লিক স্কুল নামৰ বিদ্যালয়খন সেনা কৰ্তৃপক্ষই ষড়যন্ত্ৰমূলকভাৱে গোপনে বন্ধ কৰি দিয়াত সেনাৰ সৈতে স্থানীয় ৰাইজৰ সংঘাটৰ সৃষ্টি হয়৷

ৰঙিয়াৰ চেপ্তিৰ সেনা ছাউনীত যোৱা প্ৰায় ৩৭ বছৰ ধৰি এই বিদ্যালয়খন চলি আছে যদিও সেনা কৰ্তৃপক্ষই যোৱা দুবছৰ ধৰি কোনো অজ্ঞাত কাৰণত বিদ্যালয়খন বন্ধ কৰি দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখে৷ ২০১৫ বৰ্ষৰ মাজভাগত সেনাই স্থানীয় ৰাইজৰ মাজত ব্যাপক সংঘাটৰ পৰিৱেশৰ সূচনা হৈছিল৷ যাৰফলত কামৰূপ জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে বিষয়টোত হস্তক্ষেপ কৰিবলগা হৈছিল৷ যথেষ্ট যুঁজ বাগৰৰ অন্তত ৰাইজৰ সংগ্ৰামৰ ওচৰত নতি স্বীকাৰ কৰি অৱশেষত সেনাই অনিচ্ছা সত্বেও বিদ্যালয়খন চলাব লগাত পৰে৷ ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত বিষয়টোত পিছত ন্যায়ালয়েও হস্তক্ষেপ কৰে৷

ন্যায়ালয়ে সেনা কৰ্তৃপক্ষক স্থিতাৱস্থা বাহাল ৰাখি বিদ্যালয়খন চলাই ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ নাৰ্ছাৰী শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে থকা এই বিদ্যালয়খনত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ ইয়াৰে নব্বৈ শতাংশ ছাত্ৰ-ছাত্ৰী সাধাৰণ নাগৰিকৰ৷ বিগত বৰ্ষটো অতি নিয়াৰিকৈ বিদ্যালয়খন চলি থকাৰ অন্তত যোৱা ২৫ ডিছেম্বৰত  বিদ্যালয়ৰ শীতৰ বন্ধ আৰম্ভ হয়৷ শুকুৰবাৰে শীতৰ বন্ধ খোলাৰ কথা আছিল৷ লক্ষ্যণীয়ভাবে শীতকালীন বন্ধৰ সময়ত সেনা কৰ্তৃপক্ষই যোৱা ৩১ ডিছেম্বৰৰ নিশা হঠাৎ বিদ্যালয়ৰ নামফলক আঁতৰাই প্লাষ্টিকৰ নেটেৰে বিদ্যালয়খনৰ সমগ্ৰ চৌহদ বেৰ পেলাই আৰু বাহিৰৰ পৰা বিদ্যালয়খনৰ ভিতৰ ভাগ যাতে দেখা পোৱা নাযাই তাৰ ব্যৱস্থা কৰে৷

তদুপৰি বিদ্যালয়খনৰ সকলো শ্ৰেণীকোঠা, কাৰ্যালয়, অধ্যক্ষাৰ কোঠা আদি সেনা জোৱানে ব্যৱহাৰ কৰে৷ স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে বিদ্যালয়খনৰ এনে পৰিবেশত হতবাক হৈ সেনা ছাউনীৰ সন্মুখত সমবেত হয়৷ সেনাৰ এগৰাকী কৰ্নেল পৰ্যায়ৰ বিষয়া নীতিন মমগেইনে ৰাইজ তথা অভিভাৱকক ৪ জানুৱাৰীৰ ভিতৰত বিদ্যালয়ৰ পৰা সেনা জোৱানসকল আঁতৰি যাব আৰু ৫ জানুৱাৰীৰ পৰা নিয়মিত শ্ৰেণী আৰম্ভ হ’ব আশ্বাস দিয়ে৷ এই আশ্বাসত ৰাইজ আৰু অভিভাৱকসকল আঁতৰি আহে৷ যদিও ২ জানুৱাৰীত সেনাই ৰাইজৰ বিশ্বাসত কুঠাৰাঘাট কৰি বিদ্যালয়খনৰ দুয়োখন প্ৰৱেশদ্বাৰ ইটাৰে দেৱাল থিয় কৰাই বন্ধ কৰি দিয়ে৷

ইমানতে ক্ষান্ত নাথাকি সেনাই সমগ্ৰ বিদ্যালয়খনৰ চৌহদৰ দেৱালৰ চাৰিওকাষত কাইটীয়া তাৰৰ বেৰিকেড স্থাপন কৰে৷ এই ঘটনাই ৰাইজক ক্ষুব্ধ কৰি তোলে৷ বিষয়টোৰ ক্ষেত্ৰত ৰঙিয়া মহকুমা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি ৩ জানুৱাৰীত আছু, যুৱ ছাত্ৰ পৰিষদ, গৰীয়া যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, কলিতা জনগোষ্ঠী ছাত্ৰসন্থা আৰু অসম যুব পৰিষদৰ তৰফৰ পৰা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ হাতত এখন স্মাৰক পত্ৰ অৰ্পণ কৰা হয় ৷ কিন্ত ৪ জানুৱাৰীত পুৱা ৯ বজাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকল বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত উপস্থিত হৈ সেনাৰ একনায়কত্ববাদী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে৷

ৰাইজ আৰু অভিভাৱকসকলৰ সৈতে সেনাৰ কৰ্নেল নীতিন মমগেইনে তৰ্কযুদ্ধত লিপ্ত হৈ পৰে আৰু ৰাইজক আঁতৰি যাবলৈ ভাবুকি প্ৰদান কৰে৷ তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ লগত সেনাৰ হতা-হতি হয়। লগে-লগে উত্তেজিত ৰাইজ আৰু অভিভাৱকে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সেনাই থিয় কৰোৱা দেৱাল ভাঙি পেলাই আৰু বিদ্যালয় চৌহদৰ ভিতৰত দলে বলে সোমাই নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে৷ ৰাইজৰ সৈতে সেনাৰ প্ৰত্যক্ষ হতাহতি পৰ্যন্ত হয়৷ এনে পৰিস্থিতিত বিদ্যালয়খনৰ তিনিগৰাকী শিক্ষয়িত্ৰী আঘাটপ্ৰাপ্ত হৈ মুৰ্চা যায়৷

এটা সময়ত ৰাইজৰ ৰুদ্ৰমূৰ্তি প্ৰত্যক্ষ কৰি সেনাই ছত্ৰভংগ দিবলৈ বাধ্য হয়৷ সেনা জোৱানসকলে যিয়ে যেনিয়ে পাই তেনিয়ে পলাই পত্ৰং দি বিদ্যালয়খনৰে একাংশ শ্ৰেণীকোঠাৰ ভিতৰত আত্মগোপন কৰে৷ উত্তেজিত ৰাইজে বিদ্যালয় চৌহদত সেনাই লগোৱা প্লাষ্টিকৰ নেটবোৰ টানি আজুৰি চিঙি পেলাই৷ ৰাইজে কাইটীয়া তাৰৰ বেৰিকেডসমূহ অতি কষ্টেৰে দাঙি নি দূৰৈত পেলাই দিয়ে৷ একাংশই সেনাই আঁতৰাই পেলোৱা বিদ্যালয়ৰ নামফলকখন বিচাৰি উলিয়াই আৰু পুনৰ বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ দেৱালত ওলোমাই দিয়ে৷ চৰম উত্তেজনাময় পৰিস্থিতিৰ মাজতে ঘটনাস্থলীত ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ আৰু মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগু সমন্বিতে আৰক্ষী আৰু চি আৰ পি এফৰ দল এটা উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে৷

ইপিনে অলপ সময় পিছতে ঘটনাস্থলীত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্য উপস্থিত হৈ সেনা কৰ্ত্তৃপক্ষৰ সৈতে আলোচনাত বহে৷ জানিব পৰা মতে, এই আলোচনাত সেনা কৰ্তৃপক্ষই উপায়হীন হৈ বিদ্যালয়খন পূৰ্বৰ দৰেই চলাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আলোচনামৰ্মে হোৱা সিদ্ধান্ত অনুসৰি ১১ জানুৱাৰীৰ পৰা বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কথা আছিল যদিও ইয়াৰ পৰিবৰ্তে বৃহস্পতিবাৰে চজনকৈ ব্যক্তিক আটক কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত চলি থকা গোচৰ নং ২০০৬/২০১৭ ৰ চূড়ান্ত ৰায়দান নোহোৱা পৰ্যন্ত স্থিতাৱস্থা বাহাল ৰাখিবলৈ সেনা কৰ্তৃপক্ষ ৰাজী হৈছিল যদিও এনে পৰিস্থিৰ সৃষ্টি হোৱাত সকলোৱে আচৰিত হৈ পৰিছে। যোৱা চাৰি জানুৱাৰীত ৰেৰ্ডহৰ্ণ পাপ্লিক স্কুলৰ ঘটনা সন্দৰ্ভত সেনাই ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। আৰক্ষীযে গোচৰ নং ৭৫/১৮ ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত ১৪৩/৪৪৮/৪২৭ আৰ/ডব্লিউ শাখা ৩ৰ পি ডি পি পি আইনৰ অধিনত এক গোচৰ ৰুজু কৰি সেনাৰ এজাহাৰৰ ভিত্তিত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস নমিতা দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷