
newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ জনগণে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে। ২০১৮ বৰ্ষ আৰম্ভ হোৱাৰ পৰাই এতিয়ালৈ অপহৰণ, ট্ৰাক-ডাম্পাৰত অগ্নিসংযোগ, পিত-পুত্ৰক গুলীয়াই হত্যা, সংঘৰ্ষত আৰক্ষী বিষয়াৰ মৃত্যুৰ ঘটনাৰ লগতে দুদিন পূৰ্বে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত দুজন লোকক গুলীয়াই হত্যা কৰে দুৰ্বত্তই। অসম-অৰুণাচল সীমান্তৰ জিলাখনত নিতৌ হত্যা-হিসাৰ দৰে ঘটনা সংঘটিত হৈ অহাত ৰাইজ আতংকিত হৈ পৰিছে।
ৰাজ্য চৰকাৰে অসমলৈ শান্তি অহা বুলি দাবী কৰিলেও ৰাইজে এতিয়া জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিছে। প্ৰতিদিনে সংঘটিত হৈ অহা ঘটনাই বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা, ব্যৱসায় আদিত ব্যাপক প্ৰভাৱ পৰিছে।
১৮ মে’ৰ নিশা ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাইত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বত্তই প্ৰৱেশ কৰি গুলীচালনা কৰে। ডকাইতৰ গুলীত নিহত হয় ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী জিৎ বাৰ্মা আৰু এজন গ্ৰাহক ৰমাকান্ত দেউৰী। জিলা খনত কেইটামান দিন পূৰ্বে আলফাৰে সংঘৰ্ষত এগৰাকী আৰক্ষী বিষয়াৰ নিহত হোৱাৰ পিছতো নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি হাতত অস্ত্ৰ লৈ এখন নগৰত যুৱকৰ দলে ঘুৰা-ফুৰা কৰা বিষয়টোৱে চিন্তিত কৰি তুলিছে ৰাইজক।
ইতিমধ্যে ডুমডুমাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত ২ জনক লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ সৈতে জৰিত ৬জনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মণ্টু মৰাণ, নিৰন্ত বৰুৱা, ৰমেশ মহন্ত, বিজয় বাৰ্মা, ক্ষীতিশ বৰুৱাৰ লগতে এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ঘটনাত জড়িত ৰূপান্তৰ মৰাণ।
১৮ মে’ সন্ধিয়া ডুমডুমা থানাৰ অন্তগত ৰূপাইৰ আনন্দ আগৰৱালা নামৰ ব্যৱসায়ীগৰাকীৰ প্ৰতিষ্ঠানত ডকাইটে দলে প্ৰৱেশ কৰি টকা লুটি নিয়াৰ চেষ্টা চলাই। ব্যৱসায়ী প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে বাধা প্ৰদান কৰাত ডকাইতৰ দলে গুলীচালনে কৰে আৰু দুজনকৈ লোকৰ মৃত্যু হয়।
তাৰ পিছতে ডতাইতৰ দলটোৰ সৈতে জৰিত এজন লোকক আটক কৰি যোৱা দুদিন ধৰি চলোৱা অভিযানৰ অন্তত শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কেইবাগৰাকী লোকক৷ তিনিচুকীয়া জিলাৰ ডুমডুমা, ৰূপাই, ধলা, শদিয়া আৰু কাকপথাৰৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে৷ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, উপ-আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত ডুমডুমা, ধলা, তালাপ, কাকপথাৰ আৰু শদিয়া আৰক্ষীৰ সহযোগত সফল অভিযানত মহিলা, শিক্ষক সহ ৬গৰাকী লোকক আটক কৰে।
আৰক্ষীয়ে কাকপথাৰৰ শিক্ষক ৰমেশ মহন্ত, তালাপৰ বিজয় বাৰ্মা, জকাইচুকৰ মণ্টু মৰাণ, শদিয়াৰ নিৰঞ্জণ বৰুৱা, ক্ষতীশ বৰুৱা আৰু ৰূপাইৰ পৰা দিপালী বৰশইকীয়া নামৰ মহিলা গৰাকীক আটক কৰে আৰক্ষীয়ে৷ কাকপথাৰৰ শিক্ষক ৰমেশ মহন্তই পিষ্টল যোগান ধৰাৰ লগতে তালাপৰ বিজয় বাৰ্মাই ধন দাবী, অপহৰণ কাণ্ডসমূহৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, ডকাইটৰ গুলীচালনাত জিৎ বাৰ্মা আৰু ৰমাকান্ত দেউৰী নামৰ দুজন যুৱক থিতাতে নিহত হৈছিল৷ স্থানীয় ৰাইজে ৰূপান্তৰ মৰাণ নামৰ এজনক ধৰি আৰক্ষীক গতাই দিয়াৰ লগতে মন্টু মৰাণ নামৰ ডকাইটো পলায়ন কৰিছিল৷ ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে সফলতা লাভ কৰাত ৰাইজে আদৰণি জনাই তিনিচুকীয়া আৰক্ষীক৷ ঘটনাটোৰ লগত জড়িত ধৃত ৰমেশ মহন্ত টঙনা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক হোৱাৰ লগতে বিজয় বাৰ্মা তালাপৰ ড০ বাৰ্মাৰ ভাতৃ বুলি জানিব পৰা গৈছে৷