বন্দুকৰ নলীৰ শাসনৰ ওৰ পৰিবনে? উত্তৰ পূৰ্বাঞ্চলত কলা আইনৰ দপদপনি কেতিয়ালৈ

ফইল ফটো
ফইল ফটো

গুৱাহাটীঃ পুনৰাই সময় বৃদ্ধি কৰা হ’ল ক’লা আইনৰ৷ কেন্দ্ৰীয় চৰকাৰে ৬ মাহৰ বাবে সময়সীমা বৃদ্ধি কৰিলে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ৷ উত্তৰ পূৰ্বাঞ্চলৰ লোকে বছৰ বছৰ ধৰি এই আইনখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও দিল্লীৰ কেনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ ইমানে নহয় মণিপুৰৰ লৌহ মানৱী ইৰম চানু শৰ্মিলাই ১৬ বছৰ অনশন কৰাৰ পিছতো চৰকাৰে এই কলা আইন খন বাতিল নকৰিলে৷ বাৰে বাৰে সময় সীমা বৃদ্ধি কৰি আহিছে চৰকাৰে৷

ইৰম চানু শৰ্মিলা নামৰ এগৰাকী মহিলাই আইনখন প্ৰত্যাহাৰৰ দাবীত আমৰন অনশন কৰি ইতিহাস ৰচে৷ মণিপুৰত একাংশ মহিলাই উলংগ হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আসাম ৰাইফলছে মণিপুৰী মহিলাক ধৰ্ষণ কৰাৰ বিৰুদ্ধে ৰাজপথত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাত বিশ্বত খলকনিৰ সৃষ্টি কৰিছিল৷ ক্ষোভ, বেদনা, অভিমান লৈ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে প্ৰতিবাদ কৰি আহিছে যদিও জনসাধৰণৰ ন্যায় দিবলৈ পক্ষপাতি নহয় চৰকাৰ৷

যোৱা লোক সভা নিৰ্বাচনৰ সময়ত এই আইন খন বাতিল কৰাৰ বাবে চিন্তা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিজেপি চৰকাৰ খনে ৫ বছৰ অতিক্ৰম কৰিবলৈ হ’ল যদিও এতিয়ালৈ আইন খন বাতিল কৰা দূৰৰ কথা মাহৰ পিছত মাহ সময় বৃদ্ধি কৰি আহিছে৷ সংগ্ৰামী নেত্ৰী-মানৱাধিকাৰ কৰ্মী তথা লৌহ মানৱী ইৰম শৰ্মিলাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত সুদীৰ্ঘ ১৬ বছৰ কাল অনশন কৰি শৰ্মিলাই ২০১৭ চনৰ ৯ আগষ্টত অনশন ভংগ কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমক পুনৰ অশান্ত ৰাজ্য ঘোষণা কৰে৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সময়সীমা আগন্তুক ছয় মাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷

উল্লেখ্য যে, ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ২৮ ফেব্ৰুৱাৰীত জাৰি কৰে এই অধিসূচনা৷ ১৯৫৮ চনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ভিত্তিত ৰাজ্যখনক ‘অশান্ত ৰাজ্য’ হিচাপে ঘোষণা কৰিছিল৷ এই আইনখনৰ পুনৰ সময়সীমা ছয় মাহৰ বৃদ্ধি কৰিছে চৰকাৰে৷ কিয়নো এই আইনখন বাতিল নকৰাৰ লগতে ৰাজ্যখনত বাহাল থাকিব৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ জৰিয়তে ৰাজ্যৰ সুৰক্ষাকৰ্মীসকলে বিভিন্ন অভিযান চলোৱাৰ অধিকাৰ আছে৷

এই আইনৰ জৰিয়তে সেনাই অশান্ত ক্ষেত্ৰ সমূহত অভিযান চলাই যিকোনো লোকক তালাচী চলোৱাৰ লগতে গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু প্ৰয়োজনত গুলীয়াই দিয়াৰো ক্ষমতা লাভ কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে কয়, অসম আইন-ব্যৱস্থা স্থিতি বৰ্তমান সুচল হৈ আহিছে। ৰাজ্যখনত হিংসা-প্ৰতিহিংসাও লাহে লাহে কমিব ধৰিছে। তেওঁ লগতে কয়, গণতন্ত্ৰ আলোচনাৰ জৰিয়তেহে আগুৱাই যায়, বন্দুকৰ দ্বাৰা নহয়। গৃহমন্ত্ৰী গৰাকীয়ে জামুগুৰিহাটত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, ২০১৪ চনৰ ডিচেম্বৰত মই কৈছিলো যে, অসমত হিংসাৰ কোনো স্থান নাই।

মোৰ এই কথাষাৰক লৈ বৰ্তমান সুখী হৈ পৰিছোঁ। কিয়নো বৰ্তমান অসমৰ আইন-ব্যৱস্থা শুদ্ধ পথেৰে আগবাঢ়িছে আৰু হিংসামূলক পৰিস্থিতিবোৰ নিপাত গৈছে৷ জানিব পৰা মতে, ইয়াৰপূৰ্বে বিগত ছেপ্তেম্বৰ মাহত অসম চৰকাৰে তিনি দশকৰ পিছত সশস্ত্ৰ সেনা অধিকাৰ আইন জাৰি কৰিছিল৷ তেতিয়া ৬ মাহৰ বাবে ৰাজ্যখনক ‘অশান্ত ৰাজ্য’ হিচাপে ঘোষণা কৰিছিল৷ উল্লেখ্য যে ১৯৯০ চনত অসমে প্ৰথম বাৰৰ বাবে অশান্ত ৰাজ্য হিচাপে ঘোষণা কৰিছিল৷

সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্যখনত উগ্ৰপন্থী সংগঠন আলফাই বহুতো কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিছিল৷ যাৰ বাবে তৎকালীন অগপ চৰকাৰক বিতাড়িত কৰি ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল৷ এতি প্ৰশ্ন হয় কেতিয়ালৈ থাকিব উত্তৰ পূৰ্বাঞ্চলত বন্দুকৰ দপদপনি৷ বিদ্ৰোহী সংগঠনৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তি কৰাটো নতুন কথা নহয়৷

জকাইচুকৰ আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰ অসমত অলেখ উদাহৰণ আছে৷ অসমৰ জীয়ৰীক আলফা বিচৰাৰ নামত ধৰ্ষণ কৰাৰো উদাহৰণ অসমত আছে৷ বহু মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে, বহু অসমীয়া নাৰীয়ে কপালৰ ফোঁট মচিবলগীয়া হৈছে৷ অসমৰ বহু পৰিয়ালক আজিও বছৰেকত নতুবা মাহেকত এবাৰ হ’লেও সেনা-আৰক্ষীয়ে শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ উদাহৰণ আছে যদিও প্ৰাণৰ সংশয়ত যেন সকলো সহি যায় সহজ-সৰল এই পৰিয়ালবোৰে৷ পৰিয়ালবোৰৰ বৃদ্ধ মাতৃ-পিতৃ-ভগ্নী-ভাতৃ কোনেও যেন সাৰি নাযায় এই নিৰ্যাতনৰ পৰা৷