শোণিতপুৰৰ নামেৰীত ৬৪সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন

newsnextone.com। তেজপুৰঃ চাৰিদুৱাৰস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ প্ৰকল্প পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত নামেৰীত দিনযোৰা কাৰ্যসূচীৰে ৬৪সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়।

নামেৰীৰ তৰাজানত এই উপলক্ষ্যে পুৱা অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্রী, বিষয়া-কৰ্মচাৰী ,স্থানীয় ৰাইজে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ গছ থাকিলেহে মানুহ থাকিব,বন্যপ্ৰাণী চিকাৰ বন্ধ কৰক, জীৱহত্যা মহাপাপ, বনাঞ্চল ধ্বংস ৰোধ কৰক আদি বিভিন্ন শ্লোগান দি অঞ্চলটোত এক সজাগতাৰ বাৰ্তা বিলোৱাৰ প্ৰয়াস কৰে।

ইয়াৰ পাছতে নামেৰী বন্যপ্ৰাণী কাৰ্যালয়ৰ বন বিষয়া দিলীপ দাসে আঁত ধৰা অনুষ্ঠানটোত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকা,পশ্চিম সংমণ্ডলৰ বন্যপ্ৰাণী বিষয়া পংকজ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বক্তাই  গোলকীয় উষ্ণতা বৃদ্ধিৰ সময়ছোৱাত নিৰ্বনানিকৰণৰ পৰিৱৰ্তে বনানিকৰণত অধিক গুৰুত্ব প্ৰদান কৰাৰ সময় সমাগত পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী মানৱে নিজৰ প্ৰাকৃতিক দায়ৱদ্ধতা অটুট ৰাখি প্ৰতিটো উপলক্ষ্যতে গছপুলি ৰোপন কৰাটো পৰম্পৰালৈ ৰূপান্তৰ কৰক, কিয়নো গছ থাকিলেহে মানুহ থাকিব বুলি মন্তব্য কৰে।