হিমন্ত বিশ্ব শৰ্মা উন্মাদ হৈ গৈছে... পাগল

গুৱাহাটীঃ বি জে পি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম সকলো জাতীয় সংগঠন, লেখক-বুদ্ধিজীৱী, সাহিত্যক-সাংবাদিক, শিল্পীসমাজ ঐক্যবদ্ধ হোৱাৰ সময়তে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইৰ এক দলীয় সভাত অসম সংবাদ জগতৰ দুই জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু নিতুমনি শইকীয়াক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসমৰ ৭০টাকৈ জাতীয় সংগঠনে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যলয়ত অসমৰ ৭০টাকৈ জাতীয় আৰু সংখ্যালঘু সংগঠনে এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাক উদ্দেশ্যি কয় যে "অসমৰ ৰাজনীতিত বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা এটা পগলা কুকুৰ।" কাৰণ পগলা কুকুৰে যিদৰে যাকে পায় তাকে কামুৰি ফুৰে, ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাইয়ো যাকে পাইছে তাকে কামুৰিবলৈ ধৰিছে। লগতে বলিয়ালি বকিবলৈ ধৰিছে। নহ’ল হয়তো বৃহস্পতিবাৰে দলীয় সভাখনত সাংবাদিক দুজনক ব্যক্তিগতভাৱে আক্ৰমণ নকৰিলেহেঁতেন।

সত্তৰ সংগঠনৰ নেতৃত্বই বহুবল্কী মন্ত্ৰীজনে জ্যেষ্ঠ সাংবাদিক দুজনক তুচ্ছ-তাচ্ছিল কৰি সমগ্ৰ অসমৰ সংবাদ ক্ষেত্ৰখনকে আক্ৰমণ কৰিছে। ই গণতন্ত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক। 

সংগঠনকেইটাৰ নেতৃত্বই কয় যে অসমৰ সমূহ সংবাদ মাধ্যমে মন্ত্ৰীজনক ৰাজহুৱাভাৱে বয়কট কৰিব লাগে আৰু অতি সোনকালে হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰৰ ঘটনাটোৰ সন্দৰ্ভত ক্ষমা খুজিব লাগে বুলিও সকীয়াই দিয়ে। যদি তেওঁ ক্ষমা নোখোজে তেন্তে ৭০ সংগঠনৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

উল্লেখ যে এই সংবাদ মেলতে কৃষক নেতা অখিল গগৈয়ে কয় যে ক’লা পতাকা দেখি দেখি হিমন্ত বিশ্ব শৰ্মা এতিয়া উন্মাদ হৈ পৰিছে। লতাশিলৰ সদৌ অসম ছাত্ৰ সন্থা বজ্ৰনিনাদ কাৰ্যসূচীত জনতাৰ সমৰ্থন দেখি হিমন্ত বিশ্ব শৰ্মা পগলা কুকুৰৰ দৰে হৈছে।বি জে পিৰ ভেৰুণীয়া গুণ্ডা লগাই ক’লা পতাকা আন্দোলন বন্ধ কৰাৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই। 

ইয়াৰ উপৰিও এই সংবাদ মেলতে কৃষক নেতা গৰাকীয়ে কয় যে জাতীয় শত্ৰুসকলক ক’লা পতাকা দেখোৱাসকল আমাৰ বাবে জাতীয় বীৰসেনানি। হিমন্তই এতিয়া নাগপুৰ আৰু দিল্লী বাধ্য ছাত্ৰ হৈ থাকিবলৈ গৈ নিজৰ ভৰি তলৰ মাটি হেৰুৱাই উন্মাদ হৈ পৰিছে। 

আনহাতে এই সংবাদ মেলতে কৃষক নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক অসমীয়া জাতীয় জীৱনৰ এটা গলগ্ৰহ বুলিও অভিহিত কৰে। 

ইফালে বৃহস্পতিবাৰে বি জে পিয়ে সৰুসজাইত আয়োজন কৰা দলীয় সভাখনৰ উদ্দেশ্য কেৱল অসমীয়াৰ মাজত ভাতৃঘাটি সংঘাত সৃষ্টি কৰা বুলি অখিল গগৈয়ে অভিযোগ কৰে।

সংবাদ মেলতে অখিল গগৈয়ে কয় যে নাগপুৰৰ ওচৰত একান্ত বাধ্য ছাত্ৰ হোৱা বাবে এতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা মাজত প্ৰতিযোগিতা চলিছে। হয় সেই বাবে এতিয়া নিমাটি কইনা ভূমিকাত অৱৰ্তীণ হোৱা সৰ্বানন্দ সোণোৱালৰ মাত ওলাইছে। 

আৰ এছ এছৰ মোহন ভাগৱত, অমৃত শ্বাহৰ প্ৰিয়ভাজন হোৱাৰ বাবে এতিয়া হিমন্ত আৰু সৰ্বানন্দৰ প্ৰতিযোগিতা চলিছে। কৃষক নেতা গৰাকীয়ে কয় যে মোগলক ১৭ বাৰকৈ অসমীয়াই পৰাজিত কৰিছিল। আৰু সেই অসমীয়াই বি জে পিক ১০০০ বাৰ পৰাজিত কৰিব পাৰিব বুলি প্ৰত্যাহ্বান জনায়।

ইফালে এই সংবাদ মেলৰপৰাই ৭০ সংগঠনে প্ৰত্যহ্বান জনাই কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোঁণোৱালক যদি জাতীৰ ৰক্ষাৰ স্বাৰ্থত সংঘাতত লিপ্ত হ’ব বিচাৰিছে তেন্তে তেনে সংঘাটলৈ ৭০ সংগঠন সাজু বুলিও ঘোষণা কৰে। 

লগতে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে উদাহৰণ আছে হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিলে ভৰিত ধৰে আৰু বিপদত পৰিলে ভৰিত ধৰে। তাৰ উদাহৰণ, টাডা গোচৰৰপৰা বাচি যাবলৈ হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰিছিল। একেদৰে পাছৰ পৰ্যয়ত তৰুণ গগৈ আৰু শেষত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বাচি আছে।

ইফালে হিমন্ত বিশ্ব শৰ্মাই শৰাইঘাটৰ যুদ্ধৰ কথা পাহৰি পানিপথ যুদ্ধত অৱৰ্তীন হ’ব বুলি ঘোষণা কৰা কথাটো উল্লেখ কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই নাজানে পানিপথ যুদ্ধৰ কাৰ কাৰ মাজত হৈছিল। সেয়েহে তেওঁ ইতিহাস ভালকৈ অধ্যয়ন কৰি মন্তব্য কৰিব লাগে বুলিও সোঁৱৰাই দিয়ে।

ইফালে এই সংবাদ মেলৰপৰাই ৭০ সংগঠনে ঘোষণা কৰে যে জাতিৰ ৰক্ষা স্বাৰ্থত যদি ৰণ হ’ব লাগে তেন্তে শৰাইঘাটৰ ৰণয়েই হ’ব আৰু সেই শৰাইঘাটত লাচিতৰ ভূমিকা পালন কৰিব অসমীয়া জাতিয়ে আৰু মোগলৰ ভূমিকা গ্ৰহণ কৰিব অমৃত শ্বাহ, নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসহঁতৰ দৰে জাতিৰ শত্ৰু সকলে।উল্লেখ যে এই মঞ্চৰপৰাই ৭০ জাতীয় সংগঠনে দাবী জনাই কয় যে ভাৰতবর্ষৰ সংবিধানক অৱমাননা কৰা হিমন্ত বিশ্ব শৰ্মাক আই পি চি ১২০(ক),১২০(খ) আৰু এন এছ ডি ১১৩ গ্ৰেপ্তাৰ কৰিব লাগে।

লগতে জাতিক ভালপোৱা প্ৰতিজন বি জে পি কৰ্মীক আহ্বান জনাই কয় যে বি জে পিৰ কর্মীয়ে দলৰপৰা ওলাই আহক। ইয়াৰ উপৰিও ২৪ ঘণ্টা কেৱল ধৰ্ম ধৰ্ম বুলি কৈ ফুৰা হিমন্তক প্ৰতিজন খিলঞ্জীয়া অসমীয়া মুছলমানে বলি দিয়ক বুলিও আহ্বান জনায়।

সংবাদ মেলৰ সম্পূৰ্ণ ভিডিঅটো চাওকঃ