অসমত হিন্দু বাংলাদেশী সংস্থাপন, মঙলবাৰে নামতিত একত্ৰিত হ’ব ৰাইজ

নামতিঃ সোমবাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে অসমৰ ৰাইজ ওলাই আহিল৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ। লোকে লোকাৰণ্য হৈ পৰিল গুৱাহাটীৰ খানাপাৰা। 

তাৰ লগে লগে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে শিৱসগাৰৰ নামতিৰ ৰাইজে নামতি চাৰিআলিত অহা ৮ মে'ত প্রতিবাদ সাব্যস্ত কৰিব। শিৱসাগৰৰ বৃহত্তৰ নামতিবাসী ৰাইজে আৰু দল-সংগঠনে ৰূপায়ন কৰিবলগীয়া কার্যসূচীত সকলো দল-সংগঠন আৰু ৰাইজৰ দলে-বলে যোগদান কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।