
মঙলদৈঃ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে মাথো এটা ঘোষণা কৰিছিল৷ এই ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷
টকাৰ অভাৱত ককবকাব লগা হয় দেশৰ লাখ লাখ লোকে৷ এই দিনটোক ইতিহাসে কলা দিৱস হিচাপে মনত ৰাখক বুলি কংগ্ৰেছে থিৰাং কৰি সমগ্ৰ দেশত বুধবাৰে কংগ্ৰেছে কলা দিৱস পালন কৰে৷ বিমুদ্ৰাকৰণ দেশৰ অৰ্থনীতিলে ভয়ংকৰ দিন কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছে কলা দিৱস পালন কৰে৷
প্ৰায় ১৫০ গৰাকী লোক বেংক-এটিএমত লাইনত থিয় হৈ মৃত্যুবৰণ কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগ, মধ্যম উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দৰং জিলাৰ মঙলদৈত প্ৰতিবাদ সাব্যস্ত কৰে দৰং জিলা কংগ্ৰেছ সমিতিয়ে।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিমুদ্ৰাকৰণ কৰি দেশক ধ্বংস কৰা বুলি কৈ দেশৰ অৰ্থনীতি থান বান কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছে৷ মঙলদৈৰ ৰাজীৱ ভৱনৰ পৰা এক সমদৰ উলিয়াই বিমুদ্ৰাকৰণৰ বিৰুদ্ধে কংগ্ৰেছে কলা দিৱস পালন কৰে৷ সমদলত দৰং জিলা কংগ্ৰেছৰ সভাপতি দেৱব্ৰত দত্ত, দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলি, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীকে ধৰি যুৱ কংগ্ৰেছৰ নেতা-কৰ্মী উপস্থিত থাকে৷