গুৱাহাটীৰ পৰা উৰা মৰা বিমানৰ টয়লেটত সদ্যোজাত কেচুৱা উদ্ধাৰ, বিমানতে পাইছিল জন্ম

প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ এয়াৰ এছিয়াৰ বিমানত সদ্যোজাত কেচুৱা উদ্ধাৰ হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰা বিমান খনত দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত অৱতৰণ কৰাৰ পূৰ্বেই টয়লেটত উদ্ধাৰ হয় কেচুৱাটো। টয়লেট পৰীক্ষা কৰাৰ সময়তে বিমান সেৱকে প্ৰত্যক্ষ কৰে কেচুৱাটো। লগে লগে এই খবৰ আৰক্ষীক দিয়া হয় আৰু কেচুৱাটো উদ্ধাৰ কৰে যদিও মৃত আছিল।

ইতিমধ্য দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কেচুৱাটো বিমানৰ ভিতৰত জন্ম পাইছিল সেই কথা থিৰাং কৰিছে। সন্দেহ কৰা লোকজনক ইতিমধ্যে সোধ-পোছ কৰাৰ লগতে ডাক্তৰৰ জৰিয়তে মহিলাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে বুধবাৰে দিনৰ ১ বজাত বিমান খনে প্ৰায় ৪৪গৰাকী যাত্ৰী লৈ বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল আৰু প্ৰায় ৪ বজাত দিল্লীত উপস্থিত হৈছিল।