দুখৰ দিন আতৰাবলৈ উন্নত শিক্ষাৰে ৰোগীৰ মাজলৈ নাৰ্চ

গুৱাহাটীঃ দিনে দিনে উন্নতিৰ পথত আগবঢ়ি গৈ থকা দেশৰ স্বাস্থ্যখণ্ডই কিন্তু সকলো ৰাজ্যতে সমানে উন্নতি কৰিব পৰা নাই। অসমৰেই চিকিৎসাৰ ক্ষেত্ৰত নাই প্ৰয়োজন অনুপাতে চিকিৎসক৷ চিকিৎসকৰ অভাৱত চৰকাৰী চিকিৎসালয়ৰ শোষনীয় অৱস্থা৷ আজিকোপতি হৈ উঠা নাই এই পংগুসদৃশ অৱস্থাৰ উন্নতি৷

উল্লেখযোগ্য যে, ১৯৬০ত আমেৰিকাত,১৯৯০ত অষ্ট্ৰেলিয়াত, ২০১০ত নিউজিলেণ্ড আদিৰ দৰে আগশাৰীৰ দেশত জনসাধাৰণৰ সেৱাৰ বাবে আৰু চিকিৎসকৰ অভাৱ দূৰ কৰিবৰ বাবে এক অভিনৱ পন্থা গ্ৰহন কৰিছিল৷ ‘নাৰ্চ প্ৰেকটিচনাৰ ইন ক্ৰিটিকেল কেয়াৰ প্ৰোগ্ৰেম’ নামৰ এক শিক্ষা ব্যৱস্থাৰ আৰম্ভণি কৰি স্বাস্থ্যখণ্ডত এক নৱ জাগৰণৰ সৃষ্টি কৰে৷ এই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত কোনো জৰুৰীকালীন অবস্থাত চিকিৎসক নাথাকিলেও এগৰাকী নাৰ্চে দায়িত্ব সহকাৰে সফলভাৱে স্বাস্থ্যসেৱা আগবঢ়োৱাব পাৰিব৷ 

পলমকৈ হ’লেও ভাৰতৰ দৰে এখন জনবহুল দেশত অধিক প্ৰয়োজনীয় এই শিক্ষাৰ ২০১৬ত কেন্দ্ৰীয় চৰকাৰে আৰম্ভনি কৰে৷ যদিও বৰ্তমানলৈ সমগ্ৰ ভাৰতত এই শিক্ষা বিয়পিব পৰা নাই৷ মাত্ৰ দহ খন ৰাজ্যত হে এই ব্যৱস্থা আছে৷ যাৰ কাৰণে আজিও বহুতো ৰোগী চিকিৎসকৰ অভাৱত বিনা চিকিৎসাই মৃত্যুক সাৱটিব লগা হ’য়৷

সুখৰ খবৰ যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা অসমতো নাৰ্চৰ বাবে এই  ‘নাৰ্চ প্ৰেকটিচনাৰ ইন ক্ৰিটিকেল কেয়াৰ প্ৰোগ্ৰেম’  শিক্ষাৰ আৰম্ভ হ’ব৷ বৃহস্পতি বাবে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠান কৰি এ আই এন ইৰ অধ্যক্ষা ড০ উন্মনা বৰগোঁহাই শইকীয়াই এই শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ তথ্য দাঙি ধৰে৷ তেওঁৰ লগতে সভা খনত উপস্থিত আছিল এ আই এন ইৰ উপ-অধ্যক্ষা ৰঞ্জু ৰাণী দাস, সহ অধ্যাপিকা মিটালী বৰ্মণৰ লগতে অন্য বিষয়ববিয়া সকল৷