
newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ চনৰ ৩১ মাৰ্চ পূৰ্বেই আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে কৰ পৰিশোধকাৰীসকলক নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে।
আয়কৰ আইন সংশোধনৰ ফলস্বৰূপে সামগ্ৰী আৰু সেৱা কৰৰ বাবেই পান কাৰ্ডৰ বাবে পূৰ্বে পান কাৰ্ড থকা আৰু নতুনকৈ আবেদন কৰা প্ৰাৰ্থীক আধাৰ কাৰ্ডৰ ১২টা ডিজিটৰ ইউনিক আইডি দিয়াটো বাধ্যতামূলক কৰিছে।
উল্লেখ্য যে, দেশত ২৫ কোটি লোকৰ পান কাৰ্ড আছে নতুনকৈ ১১১ কোটি লোকক ইতিমধ্যে পান কাৰ্ড দিয়া হৈছে। আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ বাবে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড বিৱৰণ বাধ্যতামূলক বুলি চেণ্ট্ৰেল ব’ৰ্ড অব ডিৰেক্ট টেক্সেছে ইতিমধ্যে জনাইছে।
কিন্তু পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডক লিংক কৰাৰ বাবে বাৰে সময় বৃদ্ধি কৰিব লগা হৈছে চৰকাৰে৷ পুনৰ আৰু এটা তাৰিখ ঘোষণা কৰাৰ লগে লগে পঞ্চম বাৰৰ বাবে দিন ঘোষণা কৰিলে চৰকাৰে৷
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডক সংযোগ কৰাৰ সমসসীমা বৃদ্ধি কৰাৰ বাবে পুনৰ সময়সীমা বৃদ্ধি কৰিলে চৰকাৰে৷ অহা বছৰ অৰ্থাৎ ২০১৯ চনৰ ৩১ মাৰ্চ পৰ্যন্ত সময়সীমা বৃদ্ধি কৰে চৰকাৰে৷ চৰকাৰৰ পূৰ্ব নিৰ্ধাৰিত সময় অনুযায়ী ৩০ জুন অৰ্থাৎ শনিবাৰে মধ্য নিশা অন্তিম সীমা আছিল পান কাৰ্ডৰ সৈতে আধাৰক সংযোগ কৰাৰ৷
তাৰ কিছু ঘণ্টা পূৰ্বে চেন্ট্ৰেল বৰ্ড অৱ ডিৰেক্ট টেক্সেছে সময় সীমা বৃদ্ধি কৰে৷ পান কাৰ্ডৰ সৈতে আধাৰক লিংক কৰাৰ সময় সীমা ২০১৯ চনৰ ৩১ মাৰ্চ কৰা বুলি ঘোষণা কৰে৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে ২৭ মাৰ্চৰ পৰিৱৰ্তে ৩১ জুন তাৰিখটো ঘোষণা কৰিছিল৷