গৌৰীপুৰত বাংলাদেশৰ পৰিচয় পত্ৰ সহ আটক বাংলাদেশী যুৱক

ধুবুৰীঃ এনআৰচিৰ প্ৰথম খন খচৰা প্ৰকাশৰ লগতে পৰীক্ষণৰ কাম দ্ৰুত গতিত চলি থকাৰ সময়তে মঙলবাৰে নিশা ধুবুৰী আৰক্ষীয়ে এগৰাকী বাংলাদেশী যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ মঙলবাৰে নিশা এগৰাকী বাংলাদেশী যুৱক আটক হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷

জিলা খনৰ গৌৰীপুৰ আৰক্ষীৰ এটা দলে গণৰাজ্য দিৱস উপলক্ষে ৰাজ পথত টহল দিয়াৰ সময়ত নিশা প্ৰায় ৯.৩০ বজাত গৌৰীপুৰ পুথিভঁৰালৰ সন্মুখত এজন যুৱকক প্ৰত্যক্ষ কৰে৷ যুৱকজনক প্ৰত্যক্ষ কৰি আৰক্ষীয়ে সোধাপোচাৰ লগতে তালাচী চলোৱাত যুৱকজনৰ পকেটৰ পৰা বাংলাদেশৰ পৰিচয় পত্ৰ উদ্ধাৰ হয়৷ ইমানে নহয় পকেটৰ পৰা দুটকীয়া বাংলাদেশী নোট আৰু আন কিছু সামগ্ৰীও উদ্ধাৰ হয়৷

যুৱকজনৰ নাম জয় চন্দ্ৰ ৰায় (৩২) আৰু পিতৃৰ নাম ধনঞ্জয় চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে৷ যুৱকজনক বাংলাদেশৰ দিনাছপুৰ জিলাৰ খানডামা আৰক্ষী থানা এলেকাৰ বালাপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে৷ যুৱকজন কোনো দুৰ্বৃত্ত অথবা সংগঠনৰ নহয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে৷

যুৱকজনে কেনেদৰে অসমৰ ভূমিত প্ৰৱেশ কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই৷ শাসকীয় বিজেপি দলে বাংলাদেশৰ হিন্দু শৰনাৰ্থীক সংস্থাপন কৰাৰ সপক্ষে মত প্ৰকাশ কৰি অহাৰ সময়তে এনেদৰে বাংলাদেশীয়ে অসমক প্ৰৱেশ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷