অসমৰ শিক্ষা মন্ত্ৰীলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ চাৰিআলি আঞ্চলিক সমিতিৰ স্মাৰক পত্ৰ

News Next One - বিশ্বনাথ চাৰিআলি , ১৩ ছেপ্তেম্বৰ ঃ অসমৰ বিশ্বনাথ চাৰিআলিয়ো শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া হিচাপে এক সুনাম আছে। বিগত বৰ্ষৰ দৰেই এইবাৰো কভিড জনিত পৰিস্থিতিৰ মাজত বিশ্বনাথ চাৰিআলি অঞ্চলৰ যথেষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই যথেষ্ঠ সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজৰে বহুতে অদ্যাপি বিশ্বনাথ চাৰিআলিৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে বৃহত্তৰ বিশ্বনাথ চাৰিআলি অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰী সকল নিজৰ অঞ্চলৰ স্থানীয় মহাবিদ্যালয়খনতে অধ্যয়ন কৰাৰ মানস কৰে, লগতে নিজৰ স্থানৰ পৰা অন্য স্থানলৈ গৈ স্নাতক পৰ্যায়ত অধ্যয়ন কৰিবলৈ বহু সংখ্যক ছাত্ৰ ছাত্ৰী আৰ্থিক ভাৱেও সবল নহয়। সেয়েহে স্থানীয় ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ চাৰিআলি আঞ্চলিক সমিতিয়ে বৃহত্তৰ বিশ্বনাথ চাৰিআলি অঞ্চলৰ স্থানীয় ছাত্ৰ ছাত্ৰী সকলক স্থানীয় বিশ্বনাথ মহাবিদ্যালয়তে অধ্যয়ন কৰাৰ সুবিধা কৰি দিবলৈ দাবী জনাই বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আজিৰ এই কাৰ্য্যসূচীত দক্ষিণ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি যতিন বৰা বিত্ত সম্পাদক মৃদুস্মান ভূঞা, সমাজ সেৱা সম্পাদক সৌৰভ বৰা, ক্ৰিয়া সম্পাদক অসীম ভৰালী আৰু কাৰ্য্যনিৰ্বাহক সদস্য হীৰকজ্যোতি হাজৰিকা উপস্থিত থাকে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ