জিলা উপায়ুক্তৰ পণ্ডিতঘাটৰ বল্ডাৰ গাঁথনিৰ কাম পৰিদৰ্শন

ডিফু: ৰাজ্য চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ এছডিআৰএফ আঁচনিৰ অধীনত পূৱ কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদীয় সমষ্টিৰ পাকলাধন আদিবাসী গাঁৱৰ খহনীয়া প্ৰতিৰোধৰ বাবে যোৱা শণিবাৰে পণ্ডিতঘাটত নিৰ্মিয়মান বল্ডাৰ গাঁথনিৰ কাম পৰিদৰ্শন কৰে পূৱ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্ত আৰু এছডিঅ' কৃষ্ণকান্ত তিমুঙ, জলসম্পদৰ বিভাগৰ কাৰ্যবাহী অভিযন্তা মিজি ক্ৰ'ই৷

পৰিদৰ্শন কালত উপায়ুক্ত মৃদুল কুমাৰ মহন্তই উক্ত বল্ডাৰ পিটচিং কামত সন্তুষ্ট হোৱাৰ লগতে উক্ত কামৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ প্ৰশংসা কৰে৷

আনহাতে, পাকলাধন আদিবাসী গাঁৱৰ জনসাধাৰণেও বিভাগীয় কৰ্তৃপক্ষৰ উক্ত কামৰ বাবে শলাগ লয় লগতে বল্ডাৰ পিটচিঙৰ দৰে কামে গাঁও খনক অধিক খহনীয়াৰ পৰা ৰক্ষা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷