বিলাসীপাৰা জিলা শাখা উদ্যোগত ৰোকাখাতাত আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস কৰণ দিৱস পালন

www.newsnextone.com| বিলাসীপাৰাঃ সমগ্ৰ বিশ্বৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত ভাৰতীয় ৰেডক্রছ ছোচাইটিৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত দিন জোৰা কাৰ্য্যসূচীৰে ১৩ অক্টোবৰ তাৰিখত আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস কৰণ দিৱস পালন কৰা হয়। কাৰ্য্যসূচী অনুসৰি আজি ৰাতিপুৱা ১১ বজাত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। 

সভাত বিভিন্ন বক্তাই আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস কৰণ দিৱস উপলক্ষে বক্তৃতা প্ৰদান কৰে। আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস কৰণ দিৱসৰ লগতে সংগতি ৰাখি বিভিন্ন দুৰ্যোগৰ লগতে ভূমিকম্পৰ বিষয়ে ভাৰতীয় ৰেডক্রছ ছোচাইটিৰ বিলাসীপাৰা জিলা শাখাৰ চেয়াৰমেন ডাঃ কানু লাল দাসে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰি সভাত উপস্থিত থকা শিক্ষক ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে। 

আনহাতে ভূমিকম্পৰ পৰা কিদৰে হাত সাৰিব পাৰি সেই সম্পৰ্কে ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ চেয়াৰমেন গৰাকীয়ে ৰেডক্রছৰ কৰ্মী সকলৰ জৰিয়তে প্ৰশিক্ষণ দিয়ে। অনাগত দিনত বিলাসীপাৰা মহকুমা অঞ্চলৰ বিভিন্ন বিদ্যালয়ত এই দুৰ্যোগ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব বুলি ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ চেয়াৰমেন গৰাকীয়ে জানিবলৈ দিয়ে। উক্ত কাৰ্যসুচীত ৰেডক্রছৰ কৰ্ম কৰ্তা, বিশিষ্ট ব্যক্তি সকলৰ লগতে পাঁচ শতাধিক শিক্ষক ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।