
নগৰবেৰাঃ ক'ত আছে সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক। নিৰ্বাচনৰ সময়ত নিজকে সংখ্যালঘু দৰদী বুলি জাহিৰ কৰা নেতা সকলে নিৰ্বাচন পাৰ হলে ঘুৰি চাবলৈ আহৰি নাপায় ৰাইজক। ৰাইজৰ সমস্যাক গুৰুত্ব দিবলৈ সময় নাই তেওঁলোকৰ।
দিছপুৰ পোৱাৰ পিছত বিলাসী গাড়ী, আৱাস লাভ কৰি তেওলোকে পাহৰি যায় সমষ্টিৰ গাঁও কেই খনৰ কথা। তাৰ মাজতে বকো বিধান সভা সমষ্টিৰ এখন দৰঙৰ বাবে হাহাকাৰ কৰে হাজাৰ হাজৰ লোকে। দলং নহয় যেন মৰণফান্দ হে৷

কেইটামান বাঁহৰ খুটা আৰু ফালি পাৰি দিয়া বাহেৰে কামিহাড়সদৃশ বাহৰ দলঙেৰে যাতায়ত কৰে ৩৫ খন গাঁৱৰ লোকে ৷ এই দলংখন আছে কামৰূপ গ্ৰাম্য জিলাৰ ৪৮ নং বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আৰক্ষী থানাৰ ৰংগেশ্বৰী-টুপামাৰী অঞ্চলত৷
স্বাধীনতাৰ ৭০বছৰৰ পাছতো উন্নয়ন নহল এই অঞ্চলটোৰ৷ যাতায়তৰ এই পয়ালগা অৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ নকৰে এম্বুলেন্স৷ বেমাৰ আজাৰ হলে ৰোগীক চিকিৎসালয়লৈ নিব লাগে চাইকেল, ডাংকোলাকৈ অথবা সাঙীত তুলি ।এই ভঙা বাঁহৰ দলং খনৰ ববাে যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে।

বিপদসংকুলভাৱে এই ভঙা দলঙেৰে যাত্ৰা কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে৷ স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে মৰণপন যাত্ৰা অব্যাহত ৰাখিবলগা হৈছে এই ভঙা বাঁহৰ দলঙেৰে৷
উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত বৰ্তমানৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে বাঁহৰ ঠাইত পকী দলং বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত দলং নিৰ্মাণ নকৰা তথা বৃহৎ অঞ্চলটোৰ উন্নয়ন নোহোৱাৰ সন্দৰ্ভতো অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে৷ বৰ্তমানৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰে ভঙা দলং নিৰ্মাণ কৰি অঞ্চলবাসীৰ বহুদিনীয়া সমস্যা সমাধান কৰিব নে নাই সেয়া লক্ষ্য়ণীয় হ'ব৷