
নগাঁওঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সংখ্যালঘু লোকৰ পঢ়ি থকা সন্তানৰ জলপানিৰ বাবে বছৰে কোটি কোটি টকা মুকলি কৰি দি আহিছে৷ সমাজ খনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমানে সমানে সংখ্যালঘু লোকসকলৰ সন্তানেও যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে চৰকাৰে৷
ভাৰত চৰকাৰে প্ৰথম মান শ্ৰেণীৰ পৰা বিশ্ববিদ্যাল আৰু গৱেষণা পৰ্যায়লৈ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক জলপানি দিয়াৰ ব্যৱস্থা কৰিছে৷ মেধাৰ ভিত্তিত ইউপিএ চৰকাৰৰ কাৰ্যকালৰ পৰা এই জলপানি দি আহিছে চৰকাৰে৷
সকলো শ্ৰেণীৰ লোকৰ সৈতে যাতে সংখ্যালঘু লোকসকল সমানে সমানে আগবাঢ়ি গৈ দেশৰ প্ৰগতিত সহায়ক হ’ব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ন কৰিছে দেশৰ চৰকাৰে৷ কিন্তু এই আঁচনি ৰূপায়নত অসমত ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ নগাঁও জিলাত সংখ্যালঘু ছাত্র-ছাত্রীৰ জলপানিৰ ধন যিয়ে যেনেদৰে পাৰিছে গো-গ্ৰাসে লুটিছে বুলি অভিযোগ উত্থাপন হৈছে৷
জানিব পাৰ মতে, নগাঁও জিলাত ২০১৭-১৮ বৰ্ষৰ Pre Matric scholarship Schemeৰ নামত প্ৰায় ১ কোটি টকা আত্মসাৎ কৰাৰ সন্দেহ কৰা হৈছে৷ কেইবাখনো শিক্ষা অনুষ্ঠানৰ নামত অহা ছাত্র-ছাত্রীৰ জলপানিৰ ধন আত্মাসাৎ কৰাৰ অভিযোগত ইতিমধ্যে এজন লোকক আটকো কৰে আৰক্ষীয়ে৷
প্ৰকৃত ছাত্ৰ-ছাত্রীক বঞ্চিত কৰি ভুৱা বিদ্যালয়, ভুৱা ছাত্ৰ-ছাত্রীৰ নামত সংখ্যালঘু জলপানিৰ ধনৰ বাবে আৱেদন কৰে৷ তাৰ লগে লগে একাংশ লোকে লগলাগি ভুৱা বেংক একাউন্ট খোলে৷ সেই একাউন্ট সমূহ খুলিছিল চিএছপিৰ তথা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে৷ কেইবাখনো শিক্ষা অনুষ্ঠানৰ নামত অহা টকা ভুৱা বিদ্যালয়, ভুৱা ছাত্ৰ-ছাত্রীৰ নামত জালিয়াতি কৰি ভুৱা বেংক একাউন্টৰ জৰিয়তে প্ৰায় ১ কোটি টকা সৰকাই বুলি অভিযোগ উত্থাপন হয়৷
অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্রৰ জৰিয়তে বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকৃত ছাত্ৰ-ছাত্রীক বঞ্চিত কৰি ভুৱা বিদ্যালয়, ভুৱা ছাত্ৰ-ছাত্রীৰ নামত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলাপনি আৱেদন কৰে চক্ৰটোৱে৷ অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্রৰে মিলি এটা বৃহৎ চক্ৰই সংঘটিত কৰে এই কেলেংকাৰী।
পঞ্চায়তৰ জব কাৰ্ডৰ বেংক একাউন্ট নম্বৰৰ জৰিয়তে আৱেদন কৰিছিল সংখ্যালঘু জলপানি। উচ্চ আৰু নিম্ন প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্রীৰ জলাপনিৰ বাবে আৱেদনৰ সৈতে পিতৃ মাতৃৰ বেংকৰ একাউন্ট নম্বৰ ব্যৱহাৰ কৰিব পাৰে৷
সংখ্যালঘু পৰিক্ৰমা বিভাগে অনলাইন যোগে জলপানিৰ ধন মোকলাই দিয়াৰ লগে লগে একাউন্ট সমূহত ১০,৪০০-১০,৭০০ টকাকৈ জলপানিৰ ধন জমা হয়৷ কিন্তু সহজ সৰল লোকক জব কাৰ্ডৰ ধন জমা হোৱা বুলি কৈ মাতি আনি ৪০০-৫০০ টকাকৈ দি সমুদায় টকা আত্মসাৎ কৰে চক্ৰটোৱে৷
অসাধু চক্ৰটোয়ে বেংকৰ একাংশ অৰ্থলোভী বিষয়া-কৰ্মচাৰীৰ লগত বুজাবুজি আছে বুলিও অভিযোগ উত্থাপন কৰে৷ প্ৰকৃত ছাত্ৰ ছাত্রীক বঞ্চিত কৰি ভুৱা, অযোগ্য তথা ছাত্ৰ-ছাত্ৰীৰ লগতে বয়জ্যেষ্ঠ লোকক, বৃদ্ধ-পুৰুষ-মহিলাৰ নামত একাধিক জালিয়াতিৰে হিতাধিকাৰী নিৰ্বাচনেৰে সংখ্যালঘু বৃত্তিৰ আবেদন কৰি আসাম মাইনৰিটিছ ডেভলপমেণ্ট বৰ্ডৰ ধন আৱণ্টন কৰি কোটি টকা কৌশলেৰে আত্মসাৎ কৰে৷
এই কাণ্ড চৰ্চাৰ বিষয় হৈ পৰিছে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে এক বিবৃতি যোগে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন প্ৰকৃত ছাত্ৰ-ছাত্ৰীয়ে নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ যোৱা ১১ এপ্ৰিলত আমছুৰ নগাঁও জিলা সমিতিৰ এটি সজাতি দলে নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা বুলি কয় আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি মোশ্বাৰফ হুছেইন কবিৰ আৰু সম্পাদক আব্দুল নুৰ আৰু আশ্রাফুল হুছেইনে স্বাক্ষৰ কৰা বিবৃতিত।
স্মাৰকপত্ৰত সমগ্ৰ বিষয়টো উল্লেখ কৰা বুলি কৈ প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাত আক্ষেপ কৰে সংগঠনটোৱে৷ আমছুৰ সঁজাতি দলটোৱে উপায়ুক্তক জিলা ব্যাপি থকা বিভিন্ন বেংক আৰু বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহৰ উপৰি সংশ্লিষ্ট বিভাগত তদন্ত কৰি জালিয়াতি ফাদিল কৰিবলৈ দাবী জনায়৷
ধন আত্মসাৎ কৰা দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰী তথা দুষ্ট চক্ৰটোক উৎখাত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰো দাবী জনায়৷ আমছুৱে দুৰ্নীতিৰ বিৰুদ্ধে সদায়ে মাত-মাতি আহিছে আৰু আমছুৱে কেতিয়াও দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰে বুলি স্পষ্ট কৰি দিয়ে।