মানুহ হত্যাকাৰীৰ কাৰখানাত পৰিণত হ’ব বোকাজান বিলাতী মাটি কাৰখানা

বোকাজানঃ ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে মানুহ ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ ৷ ভাৰতীয় বিলাতী মাটি নিগমৰ অন্তৰ্গত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও  নিমাত প্ৰশাসন ৷ স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিলাতী মাটি কাৰখানাটোৱে ৷

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰা, ডিলাইৰ কুৱেৰী সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য সোনকালে সমাপ্ত কৰা, কাৰখানাৰ উদ্যোগত বোকাজান অঞ্চলত সামাজিক তথা উন্নয়ণমূলক কাম কৰা, কাৰখানাটোৰ ১২০০ মেট্ৰিকটন চিমেণ্ট উৎপাদনৰ দ্বিতীয়টো সম্প্ৰসাৰণৰ কাম খৰতকীয়া কৰা, কাৰখানাৰ অধীনস্থ কেন্দ্ৰীয় বিদ্যালয়খন মৃতপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰি পুনৰ সক্ৰিয় কৰা আদিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাৰ বোকাজান জিলা সমিতিৰ উদ্যোগত তথা এছৱাইচি, আইচা আদি ছাত্ৰ সংগঠনৰ সহযোগত বোকাজান বিলাতী মাটি কাৰখানাৰ প্ৰবেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাৰ বোকাজান জিলা সমিতিৰ  লগতে অন্যান্য ছাত্ৰ সংগঠনৰ সদস্যই বোকাজান নগৰস্থিত বিলাতী মাটি কাৰখানৰ প্ৰবেশদ্বাৰৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠন কেইটাৰ নেতৃত্বই এইদৰে চলি থকিলে ধূলিৰ বাবে কাৰখানাৰ দাতিকাষৰীয়া অঞ্চল, শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান আদিত মানুহ থাকিব নোৱাৰিৱ বুলি অভিযোগ উত্থাপন কৰে৷ আনহাতে চিকিৎসকে ধূলি আৰু প্ৰদূষণৰ বাবে অঞ্চলটোৰ লোকসকলৰ হাওফাওঁৰ ৰোগ, চৰ্মৰোগ, চকুৰ ৰোগ, চুলি সৰা, ডিঙিৰ ৰোগ হোৱা বুলিও উল্লেখ কৰে সংগঠনৰ নেতৃত্বই ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বোকাজান আঞ্চলিক সমিতি, কাৰ্বি ছাত্ৰ সন্থা, এছৱাইচি, আইচা আদি ছাত্ৰ সংগঠনে এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণৰ বন্ধ কৰাৰ লগতে অনন্যা দাবীসমূহ শীঘ্ৰেই সমাধানৰ দাবী জনায় ৷

ইফালে ধূলি প্ৰদুষণ বন্ধ কৰক, উদ্যোগ মন্ত্ৰী মুৰ্দাবাদ, মহাপ্ৰৱন্ধক মুৰ্দাবাদ, দিল্লী লবী হায় হায়,  আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্তৰ জৰিয়তে কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰা, কাৰখানা কৰ্তৃপক্ষই ৰাজহুৱা স্বাৰ্থ জড়িত উন্নয়নমূলক কামত গুৰুত্ব প্ৰদান কৰা, বোকাজান বিলাতী মাটি কাৰখানাৰ স্থবিৰ হৈ পৰা দ্বিতীয় সম্প্ৰসাৰণৰ কাম শীঘ্ৰেই সমাপ্ত কৰা আদি দাবী উত্থাপন কৰে সংগঠন কেইটাই ৷

আনহাতে দাবীসমূহক লৈ এখন স্মাৰক পত্ৰ বোকাজান মহকুমাধিপতিৰ জৰিয়তে  প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা আন্দোলনক সন্মান জনাই ছাত্ৰ সংগঠনৰ দাবী সমূহ সমাধানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাজান মহকুমাৰ মহকুমাধিপতি আৰু বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰৱন্ধকলৈও সুকীয়াকৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে ছাত্ৰ সংগঠন সমূহে৷ অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অন্যান্য ছাত্ৰ সংগঠন তথা ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি স্মাৰক পত্ৰ জৰিয়তে সকীয়াই দিয়ে ৷